আজি গৰু বিহু ৷ কৃষিজীৱী অসমীয়াই গো ধনৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ সময়তে বঙাইগাঁৱত এক ব্যতিক্ৰমী পৰম্পৰা প্ৰচলিত হৈ আছে ৷ গৃহস্থ্যই কাহিলি পূৱাতে উঠি বাহি মুখে ১০১ বিধ ঔষধী গছৰ পাত আৰু ফুল সংগ্ৰহ কৰি ঘৰলৈ আনে ৷ এই পাত আৰু ফুলসমুহৰ থোপ বনাই গৃহস্থই বৰঘৰৰ লগতে ভৰাল ঘৰ , পদুলিমুখকে আদি কৰি বিভিন্ন স্থানত সজতনে থয় ৷ এই থোপাসমুহ 'আবজাব' বুলি কোৱা হয় ৷
এই ঔষধী গছৰ পাত আৰু ফুলসমুহ ঘৰৰ চৌহদত ৰাখিলে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ আৰু ৰোগ ব্যাধিৰ পৰা গৃহস্থই ৰক্ষা পৰে বুলি লোক বিশ্বাস প্ৰচলিত হৈ আছে ৷ পুৱাৰ ভাগত গৰু গা ধুৱাব নিয়াৰ পূৰ্ৱে গৃহস্থ্যই নেদেখাজনক সেৱা আৰু ভক্তি জনাই পাত আৰু ফুলসমুহ ঘৰৰ চৌহদৰ বিভিন্ন স্থানত সংস্থাপিত কৰে ৷ এই পৰম্পৰা অবিভক্ত গোৱালপাৰা জিলাৰ বঙাইগাঁৱতহে প্ৰচলিত হৈ আছে ৷ উক্ত পৰ্ব শেষ কৰিহে গৃহস্থই গোধনসমুহ নৈ , জলাশয় আদিত গা ধুৱাবলৈ নিয়ে ৷ গৃহস্থই লাউ বেঙেনাৰ মালা পিন্ধাই , দীঘলতিৰ পাতেৰে গৰুক কোবাই এনেদৰে শ্ৰীবৃদ্ধি কামনা কৰে ৷
দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত
মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাত জাত...
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|