உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Covid-19: পুনৰ বঙাইগাঁৱত ক’ভিড আক্ৰান্তৰ পলায়ন, Covid ৱাৰ্ডৰ খিৰিকী ভাঙি পলাল আক্ৰান্ত...

    Covid-19: পুনৰ বঙাইগাঁৱত ক’ভিড আক্ৰান্তৰ পলায়ন, Covid ৱাৰ্ডৰ খিৰিকী ভাঙি পলাল আক্ৰান্ত...

    বইটামাৰীত খিৰিকি ভাঙি পলায়ন ক’ভিড ৰোগীৰ ৷ শিলৰ কেশ্বাৰত আত্মগোপন কৰা ৰোগীক ধৰি আনিলে আৰক্ষীয়ে ৷

    বইটামাৰীত খিৰিকি ভাঙি পলায়ন ক’ভিড ৰোগীৰ ৷ শিলৰ কেশ্বাৰত আত্মগোপন কৰা ৰোগীক ধৰি আনিলে আৰক্ষীয়ে ৷

    বইটামাৰীত খিৰিকি ভাঙি পলায়ন ক’ভিড ৰোগীৰ ৷ শিলৰ কেশ্বাৰত আত্মগোপন কৰা ৰোগীক ধৰি আনিলে আৰক্ষীয়ে ৷

    • Share this:
    বঙাইগাঁৱৰ বইটামাৰীৰ ক'ভিড ৱাৰ্ডৰ পৰা আক্ৰান্তৰ পলায়ন ৷ ক'ভিড ৱাৰ্ডৰ খিৰিকি ভাঙি ক'ভিড আক্ৰান্ত ব্যক্তিজনে পলায়ন কৰাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

    বইটামাৰী আদৰ্শ চিকিৎসালয়ৰ ক'ভিড ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল এই ব্যক্তিজন ৷ নিউ বঙাইগাঁও ওল্ড কলনিৰ ব্যক্তিজনে হঠাতে ক'ভিড ৱাৰ্ডৰ খিৰিকী ভাঙি পলায়ন কৰে ৷ পৰৱৰ্তী সময়ত ক’ভিড আক্ৰান্ত ব্যক্তিজনে বেছিমাৰীত আত্মগোপন কৰি থাকে ৷ পিছত বইটামাৰী আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ দলে তৎপৰতাৰে বিচাৰ-খোচাৰ কৰি ব্যক্তিগৰাকীক উদ্ধাৰ কৰি বইটামাৰী ম'ডেল হাস্পতালত লৈ যায় ৷  বইটামাৰী আদৰ্শ চিকিৎসালয় কৰ্তৃপক্ষই ব্যক্তিজনক পৰৱৰ্তী সময়ত বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
    Published by:Kokil Sarma
    First published: