তীব্ৰ আতংকই বিৰাজ কৰিছে বঙাইগাওঁ জিলাত
তীব্ৰ আতংকই বিৰাজ কৰিছে বঙাইগাওঁ জিলাত। চাৰিজন ৰোগী কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতে এতিয়া এতিয়া জিলাখনত তত্পৰ হৈ পৰিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগ। ইতিমধ্যে প্ৰশাসনে এই সন্দৰ্ভত তৈয়াৰ কৰিছে এখন ৰোড মেপ।
বঙাইগাওঁ জিলাত কোৰোণাত আক্ৰান্ত হোৱা অনুপম ঠাকুৰীয়া বঙাইগাওঁ জিলাৰ চাপ্ৰাকাটা ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ এম পি ডাব্লীউ। দেহত কোৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ আগলৈকে অনুপমে লৈছিল বিভিন্ন জনৰ ব্লাড চেম্পল, সংস্পৰ্শলৈ আহিছিল চিকিত্সক, অন্যান্য স্বাস্থ্যকৰ্মী, গৰ্ভৱতী মহিলাৰ লগতে বহু সাধাৰণলোকৰ। অনুপমৰ সংস্পৰ্শলৈ অহা নৰেন দাস নামৰ নলবাৰীৰ এজন ব্যক্তিৰ পৰিয়ালক ইতিমধ্যে কোৱাৰেন্টাইন কৰা হৈছে।
আনহাতে বঙাইগাঁৱত কোৰোণাত আক্ৰান্ত হোৱা ববিতা বাছফৰ হ’ল এগৰাকী চিকিত্সালয়ৰ চাফাইকৰ্মী। বাছফৰো আহিছিল বিভিন্নজনৰ সংস্পৰ্শলৈ।
আনহাতে আনগৰাকী কোৰোণাত আক্ৰান্ত মীনা বিশ্বকৰ্মাই বঙাইগাঁৱৰ পৰা সৰভোগৰ ভাৰতীয় ষ্টেট বেংকৰ শাখালৈ আহিছিল। মীনা বিষয়াৰ সংস্পৰ্শলৈ আহিছিল দুই বেংক বিষয়া সহ ছজন। জানিব পৰা মতে, মীনা বিশ্বকৰ্মাৰ সন্তান ভাৰতীয় ৰে’ল বিভাগৰ কৰ্মচাৰী।
ইয়াৰ উপৰিও দীপক মল্লিক নামৰ কোৰোণাত আক্ৰান্ত ব্যক্তিজন এগৰাকী পাচলি ব্যৱসায়ী। ল’ক ডাউন আৰম্ভ হোৱাৰ সময়ৰ পৰাই পাচলি বিক্ৰী কৰি আছিল দীপকে। আনকি বিভিন্নজনৰ সংস্পৰ্শলৈও আহিছিল দীপক। আনকি দীপকৰ আছিল ভাং খোৱাৰ বদ অভ্যাস।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|