৫০২৬ গৰাকীক ঘটনাৰ পিছতে জিলা খনত কোৱাৰেণ্টাইন কৰা হৈছে
৫০২৬ গৰাকীক ঘটনাৰ পিছতে জিলা খনত কোৱাৰেণ্টাইন কৰা হৈছে
ইতিমধ্যে বঙাইগাওঁ জিলা প্ৰশাসনে জাৰি কৰিছে এখন ৰোড মেপ। অভয়াপুৰীত নতুনকৈ কোৰোণাত আক্ৰান্ত হোৱা দীপক মল্লিকে ল’ক ডাউন চলি থকাৰ সময়ত বিক্ৰী কৰিছিল পাচলি। আহিছিল বিভিন্নজনৰ সংস্পৰ্শলৈ।
দেহত কোৰোণা ভাইৰাছ লৈ আনকি জিলাখনৰ বিভিন্ন প্ৰান্তত শাক-পাচলি বিক্ৰী কৰিছিল ব্যক্তিজনে। এই তথ্য পোহৰলৈ অহাৰ পিছতে এতিয়া আতংকিত হৈ পৰিছে বঙাইগাওঁবাসী। ইতিমধ্যে দীপক মল্লিকৰ ঘৰৰ সকলো সদস্যকে কোৱাৰেণ্টাইন কৰা হৈছে। আনহাতে এতিয়াও দীপক মল্লিকৰ সংস্পৰ্শলৈ অহা লোকৰ সন্ধানত অভিযান চলাই আছে প্ৰশাসনে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|