• Home
  • »
  • News
  • »
  • assam
  • »
  • বঙাইগাঁৱৰ এজন যুৱকৰ চমকপ্ৰদ উদ্ভাৱন! সাজি উলিয়ালে মাটি–পানী উভয়তে চলিব পৰা বাইক

বঙাইগাঁৱৰ এজন যুৱকৰ চমকপ্ৰদ উদ্ভাৱন! সাজি উলিয়ালে মাটি–পানী উভয়তে চলিব পৰা বাইক

পূৰ্বে এখন চলাৰ ইলেকট্ৰিক কাৰ, ইলেকট্ৰিক স্পীড ব’ট, ইলেকট্ৰিক বাইক সাজি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যুৱকজন।

পূৰ্বে এখন চলাৰ ইলেকট্ৰিক কাৰ, ইলেকট্ৰিক স্পীড ব’ট, ইলেকট্ৰিক বাইক সাজি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যুৱকজন।

পূৰ্বে এখন চলাৰ ইলেকট্ৰিক কাৰ, ইলেকট্ৰিক স্পীড ব’ট, ইলেকট্ৰিক বাইক সাজি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যুৱকজন।

  • Share this:
বঙাইগাঁও জিলাৰ যোগীঘোপাত দিগন্ত দাস নামৰ এজন যুৱকে নিজৰ উদ্ভাৱনী শক্তিৰে সাজি উলিয়ালে এখন বিশেষ বাহন। এই বাহনখন পানীতো চলাব পাৰি আৰু স্থলপথটো চলাব পাৰি। গোৱালপাৰা মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক উত্তীৰ্ণ দিগন্ত দাসে প্ৰথমে এখন সাধাৰণ চাইকেলক ইলেকট্ৰনিক চাইকেল হিচাবে বনোৱাৰ পিছত এই বাহনখনক শেহতীয়াভাৱে মাটি–পানী উভয়তে চলিব পৰাকৈ সাজি উলিয়াই চমক সৃষ্টি কৰিছে।

এই বাহনখন সাজি উলিওৱাৰ সময়ত ঘৰৰ কিছু পেলনীয়া বা বৰ্জিত সামগ্ৰী যেনে কাঠ, থাৰ্মকল, টায়াৰ, কিছু অব্যৱহৃত ইলেকট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। দিগন্ত দাসে বাস কৰা অতি পিছপৰা কচুদোলা অঞ্চলটোত প্ৰতি বছৰেই বান হয় আৰু জৰাজীৰ্ণ হৈ পৰে বাট–পথ। এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এই বাইকখন সাজি উলিওৱাৰ ধাৰণা মনলৈ আহে।

পূৰ্বে এখন চলাৰ ইলেকট্ৰিক কাৰ, ইলেকট্ৰিক স্পীড ব’ট, ইলেকট্ৰিক বাইক সাজি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যুৱকজন। এইবাৰ নতুনকৈ এখন মাটি–পানীত চলিব পৰা চাৰিচকীয়া বাহন সাজি উলিওৱাৰ পৰিকল্পনা কৰিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি