নৈশ সান্ধ্য আইনৰ মাজতে বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ উত্তৰ বঙাইগাঁও আৰক্ষী চকীৰ অন্তৰ্গত গাৰুগাঁৱত সংঘটিত এক পথ দুৰ্ঘটনাত টেম্পো আৰোহী এজন থিতাতে নিহত হোৱাৰ লগতে আন দুজন আৰোহী আহত হয় ৷
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী বাহনে টেম্পো এখনক খুন্দিওৱাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাত পথৰ দাতিত থকা খাৱৈত পৰে ৷ পিছত আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে ৷ নিহত যুৱকজন চলন্তাপাৰাৰ ৰহম আলী বুলি জানিব পৰা গৈছে ৷ ইফালে , দুৰ্ঘটনা সংঘটিত কৰি গাড়ীখন পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে কিছু নিলগত ধৰিবলৈ সক্ষম হয় ৷
Published by: Kokil Sarma
FIRST PUBLISHED : August 13, 2021, 11:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।