পিতৃ-মাতৃৰ শুশ্ৰূষাৰ বাবে অসম চৰকাৰে ঘোষণা কৰা পিতৃ-মাতৃ বন্দনা আঁচনি বৃহস্পতিবাৰৰ পৰা ৰূপায়ন হোৱাৰ সময়তে বঙাইগাঁও জিলাৰ অভয়াপুৰীত পুত্ৰ-বোৱাৰীৰ হাতত ৭০ৰ উৰ্ধৰ মাতৃ-শাহু নিৰ্যাতনৰ বলি হোৱাৰ এক অভিযোগ উত্থাপিত হৈছে।
উল্লেখযোগ্য যে, অভিযোগ অনুসৰি অভয়াপুৰীত উচ্চ শিক্ষিত পুত্ৰ-বোৱাৰীৰ নিৰ্যাতনৰ বলি হয় সত্তৰোৰ্ধৰ বৃদ্ধা। বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ দেওহাটী ভাটিপাৰাৰ বৃদ্ধাগৰাকীয়ে উচ্চ শিক্ষিত পুত্ৰ-বোৱাৰীৰ হাতত প্ৰহৃত হয় বুলি অভিযোগ তুলিছে। বৃদ্ধাগৰাকীৰ পুত্ৰ অভয়াপুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰুবুল দাস আৰু ৰুবুল দাসৰ পত্নী তথা বৃদ্ধাগৰাকীৰ বোৱাৰী বইটামাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা স্বপ্না হাজৰিকাই দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতনত চলাই আহিছিল বুলি অভিযোগ তুলিছে।
অভিযোগ অনুসৰি, পুত্ৰ-বোৱাৰীৰ নিৰ্যাতনে চূড়ান্ত ৰূপ লয় আৰু উচ্চশিক্ষিতা বোৱাৰীয়ে সাধাৰণ কথাতে নিজ শাহুক চেণ্ডেলেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে। বোৱাৰীৰ প্ৰহাৰত বৃদ্ধাগৰাকীয়ে চকুত বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। প্ৰায় এবছৰ ধৰি পুত্ৰ-বোৱাৰীৰ নিৰ্যাতনৰ বলি হোৱা বৃদ্ধাগৰাকী উপায়ন্তৰ হৈ ন্যায় বিচাৰি অভয়াপুৰী আৰক্ষীৰ কাষ চাপে। ৰাজ্য চৰকাৰে পিতৃ মাতৃ বন্দনা নামৰ আঁচনি ৰূপায়ন কৰি থকা সময়তে নিজ পুত্ৰ বোৱাৰীৰ হাততে প্ৰহৃত হোৱাৰ অভিযোগ তোলা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।