মুখ্যপৃষ্ঠা »খবৰ »অসম »Sukanjuli Firing Range : বাক্সাৰ শুকানজুলিত সেনাৰ প্ৰশিক্ষণত ব্যৱহৃত বোমা লক্ষ্যভ্ৰষ্ট হৈ পৰিল পৰিয়ালৰ বাৰীত

Sukanjuli Firing Range : বাক্সাৰ শুকানজুলিত সেনাৰ প্ৰশিক্ষণত ব্যৱহৃত বোমা লক্ষ্যভ্ৰষ্ট হৈ পৰিল পৰিয়ালৰ বাৰীত

 উল্লেখ্য যে ইয়াৰ পূৰ্বেও ভাৰতীয় সেনাৰ ৰকেট লঞ্চাৰ লক্ষ্যভ্ৰষ্ট হৈ ১নং পাহাৰপুৰৰ এটা পৰিয়ালৰ বাসগৃহৰ অনিষ্ট কৰিছিল ৷

  • Share this:
বাক্সা জিলাৰ  তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ ১নং পাহাৰপুৰ গাঁৱত সংঘটিত হয় ভয়ংকৰ কাণ্ড। শুকানজুলি ফায়াৰিং ৰেঞ্জত সেনাৰ নিয়মীয়া প্ৰশিক্ষণত ব্যৱহৃত বোমা লক্ষ্যভ্ৰষ্ট হৈ দুটা পৰিয়ালৰ তামোলবাৰীত পৰে।

১নং পাহাৰপুৰৰ দুটা পৰিয়াল সন্তোষ চুব্বা আৰু ৰাজু মুছাহাৰীৰ তামোলৰ বাৰীত পৰে সেনাই নিক্ষেপ কৰা বোমা। স্ম'গ বোমটো সেনাৰ প্ৰশিক্ষণৰ সময়ত ওপৰতে ব্লাষ্ট হৈ পৰিয়াল দুটাৰ ঘৰৰ তামোলবাৰীত পৰে৷

ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে পৰিয়াল দুটাৰ সদস্যসকলৰ৷ কিন্তু এই ঘটনাক লৈ গাঁওখনৰ ৰাইজ আতংকিত হৈ পৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ভাৰতীয় সেনাৰ ৰকেট লঞ্চাৰ লক্ষ্যভ্ৰষ্ট হৈ ১নং পাহাৰপুৰৰ এটা পৰিয়ালৰ বাসগৃহৰ অনিষ্ট কৰিছিল ৷ আনহাতে বিগত সময়ত প্ৰায় অৰ্ধশতাধিক লোকৰ অকাল মৃত্যুৰ বিপৰীতে বহু লোক পংগু হৈছে ৷

শেহতীয়া বাতৰি