গুৱাহাটী ষ্টেচনত বোমাতংক, কি উদ্ধাৰ হ’ল প্লাষ্টিকৰ বেগত?

বোমা বিশেষজ্ঞৰ দলৰ উপস্থিতি হৈ পৰীক্ষা কৰাত উদ্ধাৰ হ’ল দুটা ৬ ইঞ্চিৰ কেনেলসহ আধা মিটাৰ বৈদ্যুতিক তাঁৰ।

News18-Assam
Updated:August 22, 2019, 2:31 PM IST
গুৱাহাটী ষ্টেচনত বোমাতংক, কি উদ্ধাৰ হ’ল প্লাষ্টিকৰ বেগত?
বোমা বিশেষজ্ঞৰ দলৰ উপস্থিতি হৈ পৰীক্ষা কৰাত উদ্ধাৰ হ’ল দুটা ৬ ইঞ্চিৰ কেনেলসহ আধা মিটাৰ বৈদ্যুতিক তাঁৰ।
News18-Assam
Updated: August 22, 2019, 2:31 PM IST
বলেন ভট্টাচাৰ্য্য : সময় পুৱা ৯ বাজি ৩০ মিনিট৷ আন দিনাৰ দৰে বৃহস্পতিবাৰেও গুৱাহাটী ৰে’ল ষ্টেচনত চলিছিল ৰে’ল আৰক্ষীৰ নিয়মীয়া অভিযান৷ আৰ পি এফৰ নিয়মীয়া পৰ্যবেক্ষণত চকুত পৰিছিল এটা সেউজীয়া ৰঙৰ প্লাষ্টিকৰ বেগ। এই প্লাষ্টিকৰ বেগটো প্ৰত্যক্ষ কৰি সন্দেহ উপজিছিল আৰক্ষীৰ৷ বেগত আছিল বৈদ্যুতিক তাঁৰ৷ সেয়া বিস্ফোৰক সামগ্ৰী বুলি সন্দেহ কৰে আৰক্ষীয়ে। লগে লগে পল্টনবজাৰ ৰে’লৱে ষ্টেচনত লাগিল হুৱাদুৱা। বৃদ্ধি কৰা হ’ল নিৰাপত্তা, খবৰ দিয়া হ’ল বোমা বিশেষজ্ঞক। বোমা বিশেষজ্ঞৰ দলৰ উপস্থিতি হৈ পৰীক্ষা কৰাত উদ্ধাৰ হ’ল দুটা ৬ ইঞ্চিৰ কেনেলসহ আধা মিটাৰ বৈদ্যুতিক তাঁৰ।

পৰীক্ষা–নিৰীক্ষাৰ অন্তত এয়া কোনো বিস্ফোৰণ ঘটাব পৰা সামগ্ৰী নহয় বুলি ঘোষণা কৰে বোমা বিশেষজ্ঞৰ দলে৷ যদিও বিস্ফোৰক ঘটাব পৰা কোনো সামগ্ৰী নহয় তথাপি ফৰেনছিক বিজ্ঞানাগাৰাৰ পৰীক্ষা অবিহনে সেয়া স্পষ্ট কৰিব নোৱাৰি বুলি মন্তব্য বিশেষজ্ঞ দলৰ৷ ফৰেনছিকৰ পৰীক্ষাৰ প্ৰতিবেদনহে সেয়া স্পষ্ট হ’ব বুলি ঘোষণা।
আৰু চাওক পৰৱৰ্তী বাতৰি