অৱশেষত সোণাৰিত অৱসান ঘটিল ৯ ঘণ্টীয়া উৎকণ্ঠাৰ। বোমা বিশেষজ্ঞৰ দলে ৰ'বটৰ জৰিয়তে উদ্ধাৰ কৰিলে সৰ্বত্ৰ আতংকৰৰ সৃষ্টি কৰা ৰহস্যময় ক'লা বেগটো। জেচিবিৰ সহায়ত জনশূন্য পথাৰলৈ নি বেগটো কৰা হয় নিষ্ক্ৰিয়। আৰু নিষ্ক্ৰিয় কৰিবলৈ আগবঢ়াৰ সময়তে চকু কঁপালত উঠে বিশেষজ্ঞৰ দলৰ। কাৰণ বোমা থকা বুলি সন্দেহ কৰা বেগটোত উদ্ধাৰ হয় কাপোৰ, চেন্দেল আৰু কেইপদমান সামগ্ৰী।
শুকুৰবাৰে দুপৰীয়া ১২ মান বজাত সোণাৰি নগৰৰ মাজমজিয়াত নামৰূপ বাছষ্টেণ্ডৰ কাষৰ এটা তেল ডিপোৰ সন্মুখত পৰি থকা ক'লা বেগক লৈ সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য। স্থানীয়লোকে গৰাকীবিহীন ক'লা বেগ প্ৰত্যেক্ষ কৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে বেগটোত বোমা থকাৰ সন্দেহ কৰিছিল। ফলত সোণাৰিত বিদ্যুৎ কৰ্তন তথা যাতায়াত ব্যৱস্থা বন্ধ কৰি ৰখাত জনজীৱন একপ্ৰকাৰ স্তব্ধ হৈ পৰে সোণাৰিত।
আনহাতে মেটেল ডিটেক্টৰ তথা স্নিফাৰ ডগৰ জৰিয়তে পৰীক্ষা-নিৰীক্ষা কৰি বেগটোত বোমা থকাৰ সন্দেহ হোৱাত তিনিচুকীয়াৰ দিনজানস্থিত সেনা শিবিৰৰ লগত যোগাযোগ কৰাত বোমা বিশেষজ্ঞৰ দল আহি ৰবটৰ জৰিয়তে বেগটো উদ্ধাৰ কৰে।
পৰৱৰ্তী সময়ত এখন জেচিবিৰ জৰিয়তে জনশূন্য পথাৰলৈ নি নিষ্ক্ৰিয় কৰে সেনাৰ দলে। ইপিনে নিষ্ক্ৰিয় কৰা বেগটোত কাপোৰ, চেন্দেল আৰু কেইপদমান সামগ্ৰী উদ্ধাৰ হোৱালৈ চাই বেগটোত কি আছিল এতিয়াও নিশ্চিত নহয় আৰক্ষী। মন কৰিবলগীয়া যে, বোমাতংকৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণে দুপৰীয়াৰ পৰা নিশা দহজালৈকে বিদ্যুৎ অবিহনে গৃহবন্দী হৈ থাকিবলগীয়া হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|