মিজো দুৰ্বৃত্তই বোমাৰে উৰুৱালে অসমৰ বাংলা মিডিয়াম স্কুল, হিমন্ত বিশ্ব শৰ্মাৰ উদ্বেগ প্ৰকাশ

News18 Assam | News18-Assam
Updated:October 24, 2020, 12:13 PM IST
মিজো দুৰ্বৃত্তই বোমাৰে উৰুৱালে অসমৰ বাংলা মিডিয়াম স্কুল, হিমন্ত বিশ্ব শৰ্মাৰ উদ্বেগ প্ৰকাশ
প্ৰতীকী ফটো

দুয়োখন ৰাজ্যৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ বৈঠক আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ পিছতো শাম কটা নাই পৰিস্থিতি।

  • Share this:
ক্ৰমাত্‍ অধিক অশান্ত হৈ উঠিছে অসম-মিজোৰামৰ সীমান্তৱৰ্তী অঞ্চল। দুয়োখন ৰাজ্যৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ বৈঠক আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ পিছতো শাম কটা নাই পৰিস্থিতি। বৃহস্পতিবাৰে নিশা অসম সীমান্তৱৰ্তী মিজোৰামৰ সীমান্তৱৰ্তী দলাশাল প্ৰাথমিক বিদ্যালয়লৈ লক্ষ্য কৰি দুৰ্বৃত্তই বোমা নিক্ষেপ কৰে। বিস্ফোৰণৰ ফলত ধ্বংস হৈ যায় বিদ্যালয় গৃহ। উল্লেখযোগ্য যে, বিদ্যালয়খন থকা  চেওৰাতল গাওঁ পঞ্চায়তৰ খুলিচৰা অঞ্চল দীৰ্ঘদিন ধৰি মিজো দুৰ্বৃত্তৰ দখলত আছে।

মূহূৰ্তৰ ভিতৰতে সমগ্ৰ অঞ্চলত তীব্ৰ উত্তেজনাই বিৰাজ কৰে। খবৰ অনুসৰি বিস্ফোৰণ সংঘটিত হোৱাৰ ১৬ ঘণ্টাৰ পিছতো উপস্থিত হোৱা নাই অসম আৰক্ষী। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই বিষয়টোৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰাম থাংগাক টুইটাৰৰ জৰিয়তে দৃষ্টিগোচৰ কৰিছে।

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চল। মিজো দুৰ্বৃত্তই এতিয়া শাৰীৰিক মানসিক নিৰ্যাতন চলাইছে সীমান্তৱৰ্তী অসমীয়াৰ ওপৰত। যোৱা শনিবাৰেও অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত প্ৰায় সাত খন দোকানত অগ্নিসংযোগ কৰিছিল মিজো দুৰ্বৃত্তই।
Published by: Himangshu Bhuyan
First published: October 24, 2020, 12:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading