গুৱাহাটীত উপস্থিত বলীউডৰ জনপ্ৰিয় অভিনেতা আছৰানি। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱা প্ৰবীণ অভিনেতাগৰাকীক গামোচাৰে আদৰণি জনায়। নলবাৰীৰ ৰাস মহোৎসৱত অংশ লোৱাৰ উদ্দেশ্যে গুৱাহাটীত আহি উপস্থিত হয় অভিনেতাগৰাকী ।
জয়পুৰৰ পৰা বিমানযোগে বৰঝাৰত উপস্থিত আছৰানি। বিমানবন্দৰৰ পৰা পোনে পোনে ৰেডিছন ব্লুলৈ ৰাওনা হয় তেওঁ। আজি নিশাতো ৰেডিছনতে কটাই কাইলৈ নলবাৰী ৰাসত অংশ ল'ব বলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতাগৰাকীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|