অৰুণাচলৰ মেচুকাত হঠাৎ অসুস্থ বলীউদৰ অভিনেতা সঞ্জয় দত্ত। পুনৰ ডিব্ৰুগড়লৈ ঘূৰি আহিল তাৰকাজন। মুন্নাভাই অসুস্থ হোৱাত বিশেষ হেলিকপ্টাৰৰ জৰিয়তে ঘূৰি আহে মঙলবাৰে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰলৈ। ডিব্ৰুগড়ৰ পৰা যাব নতুন দিল্লী অভিমুখে।
অৰুণাচল প্ৰদেশ ৰাজ্যৰ নামকৰণৰ সোণালী জয়ন্তী বিশেষ কাৰ্যসূচীত ভাগ লোৱাৰ বাবে মুম্বাই পৰা আহিছিল বলীউদৰ জনপ্ৰিয় তাৰকাগৰাকী। সোমবাৰে বিশেষ বিমানেৰে আহি মোহনবাৰী বিমানবন্দৰত জিৰণি লৈ দুপৰীয়া উৰা মাৰিছিল মেছুকালৈ। পুনৰ মেছুকাৰ পৰা ১ ডিচেম্বৰত ঘূৰি যোৱাৰ কথা আছিল যদিও অসুস্থ হৈ পৰে সঞ্জয় দত্ত। যাৰ বাবে আজিয়েই ঘূৰি যাব লগা হয় অভিনেতাজন।
উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য আৰু বাৰেৰহণীয়া জনজাতীয় পৰম্পৰাৰ বহুল প্ৰচাৰৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰে বলীউদৰ জনপ্ৰিয় তাৰকাক সময়ে সময়ে ব্ৰেণ্ড এম্বেছাদৰ নিয়োগ কৰি আহিছে। জন আব্ৰাহাম, ছলমান খানৰ পিছত এইবাৰ অৰুণাচল প্ৰদেশক বিশ্ববাসীৰ সন্মুখত তুলি ধৰিবলৈ এইবাৰ নিৰ্বাচিত বলীউদৰ তাৰকা অভিনেতা সঞ্জয় দত্তক।
১৯৭২ চনত পূৰ্বৰ ‘নেফা’ নাম সলনি কৰি নতুন নাম দিয়া হৈছিল অৰুণাচল প্ৰদেশ। ২০২২ চনত এই নতুন প্ৰদেশখনে ৫০ বছৰ সম্পূৰ্ণ কৰিব। অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী ছ'নাৰ অধ্যক্ষতাত ‘অৰুণাচল প্ৰদেশৰ ৫০ বছৰ’ নামেৰে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰি সোমবাৰে অৰুণাচল প্ৰদেশৰ চি-য়মি জিলাৰ চীন সীমান্তৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত মেচুকাত ৰাখিছিল বিশেষ কাৰ্যসূচী।
এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু আৰু বিধানসভাৰ অধ্যক্ষ পি ডি ছ'নাৰ লগতে মুম্বাইৰ পৰা আহি উপস্থিত আছিল বলীউদৰ অভিনেতা সঞ্জয় দত্তসহ আন কেইবাজনীয়া দল। দুটা দিনৰ বাবে মেচুকালৈ অহা সঞ্জয় দত্ত হঠাৎ অসুস্থ হৈ পৰাত আজি সেনাৰ বিশেষ হেলিকপ্টাৰৰ জৰিয়তে পুনৰ ঘূৰি আহিল অসমৰ ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰলৈ।
আনহাতে, ডিব্ৰুগড়ৰ বিমানবন্দৰতে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ এটা বিশেষ দলে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত জিৰণি লয়। ইয়াৰ পাছতে উন্নত চিকিৎসা বাবে ৰাওনা হয় নতুন দিল্লী অভিমুখে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by: Sanjay Kumar Das
FIRST PUBLISHED : November 30, 2021, 16:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|