শিল্পী ছেট্টীৰ পৰিৱৰ্তে ৰবীনা টেণ্ডনক ৰিয়েলিটী শ্ব Super Dancer 4ৰ বিচাৰকৰ অ'ফাৰ দিয়া হৈছিল।
শিল্পী ছেট্টীৰ পৰিৱৰ্তে ৰবীনা টেণ্ডনক ৰিয়েলিটী শ্ব Super Dancer 4ৰ বিচাৰকৰ অ'ফাৰ দিয়া হৈছিল।
শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক ইতিমধ্যে পৰ্ণগ্ৰাফী নিৰ্মাণত জড়িত থকাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে শিল্পা ছেট্টী কুন্দ্ৰাকো এই সন্দৰ্ভত সোধা-পোছা কৰা হৈছে। এই ঘটনাই এতিয়া প্ৰভাৱ পেলাইছে অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰত। কিছুদিন ধৰি বন্ধ ৰখা হৈছে ৰিয়েলিটী শ্বৰ শ্বুটিং।
শিশুসকলৰ প্ৰতিভাকলৈ কৰা জনপ্ৰিয় ৰিয়েলিটি শ্ব'বোৰৰ ভিতৰত 'চুপাৰ ডান্সাৰ' অন্যতম। শিল্পা ছেট্টী কুন্দ্ৰা অনুষ্ঠানটোৰ তিনিজন বিচাৰকৰ ভিতৰৰ এজন আছিল। বাকী দুজন হৈছে গীতা কাপুৰ আৰু অনুৰাগ বসু। কিন্তু শিল্পাই বৰ্তমান অনুষ্ঠানটোৰ দৃশ্যগ্ৰহণ বন্ধ ৰাখিছে। আৰু অভিনেত্ৰীগৰাকীয়ে এই সিদ্ধান্ত তেওঁৰ স্বামীৰ বিৰুদ্ধে চলি থকা গোচৰ আৰু বিতৰ্কৰ বাবে লৈছে বুলি আলোচনা চলিছে। যিহেতু শিল্পাই শ্বুটিং বন্ধ কৰিছে, গতিকে বহুতে ভাবিছে যে, তেওঁ আৰু অনুষ্ঠানটোৰ বিচাৰক নহ'বও পাৰে।
শ্বুটিং বন্ধ ৰখাৰ পিছত প্ৰডাকশ্যন টীমে ৰবীনা টণ্ডনক বিচাৰকৰ প্ৰস্তাৱ দিছিল। কিন্তু 'আন্দাজ আপনা আপনা' অনুষ্ঠানৰ ষ্টাৰ কেৰেক্টাৰ ৰবীনাই জনাই দিযে যে, তেওঁ অনুষ্ঠানটোৰ বাবে বিচাৰক নহয়। তেওঁ কৈছিল যে অনুষ্ঠানটো কেৱল শিল্পা চেট্টী কুন্দ্ৰাৰ। গতিকে তেওঁ বিচাৰক হিচাপে তাত নাথাকিব।
ইফালে, শিল্পাই আগষ্টৰ পৰা শ্বুটিং পুনৰ আৰম্ভ কৰিব পাৰে। তেতিয়ালৈকে গীতা আৰু অনুৰাগক অনুষ্ঠানটোৰ বিচাৰক হিচাপে দেখা যাব। যিহেতু শিল্পা অনুষ্ঠানটোত নাথাকিব, গতিকে প্ৰতি সপ্তাহাৰ বাবে নতুন নতুন গেষ্ট বিচাৰক অনা হ'ব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|