বলীউদৰ সৈতে ড্ৰেগছৰ সংযোগ। এইবাৰ নাম সাঙোৰ খাইছে জনপ্ৰিয় অভিনেতা অৰ্জুন ৰামপালৰ। অভিনেতাজনৰ মুম্বাইস্থিত বাসগৃহত নাৰ্কটিক্স কণ্ট্ৰ’ল ব্যুৰ’য়ে সোমবাৰে চলালে অভিযান। কিন্তু খবৰ অনুসৰি অভিনেতাজনৰ বাসগৃহত এই পৰ্যন্ত কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী পোৱা নাই NCBয়ে।
জানিব পৰা মতে, অৰ্জুন ৰামপালৰ লিভ ইন পাৰ্টনাৰ গ্ৰেব্ৰিয়েলাৰ ভাতৃক ড্ৰাগছ ৰখাৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এন চিবিয়ে। যোৱা ২০ অক্টোবৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু ইয়াৰ পিছতে নাম সাঙোৰ খাইছিল অভিনেতা অৰ্জুন ৰামপালৰ। তেতিয়াৰ পৰাই এনচিবিয়ে চকু ৰাখিছিল ৰামপালৰ ওপৰত। আৰু সোমবাৰে কেইবাঘণ্টা ধৰি অভিনেতাজনৰ বাসগৃহত অভিযান চলোৱা হয়।
দেওবাৰে বলীউদৰ প্ৰযোজক ফিৰোজ নাডিয়াৱালাৰ পত্নীক ড্ৰাগছ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল এন চি বিয়ে। তালাচীৰ সময়ত তেওঁৰ বাসগৃহৰ পৰা প্ৰায় ১০ গ্ৰাম মাৰিজুয়ানা উদ্ধাৰ কৰা হৈছিল বুলি খবৰ ওলাইছে। আৰু তাৰ এদিন পিছতে অৰ্জুনৰ বাসগৃহত অভিযান চলাই কেন্দ্ৰীয় সংস্থাটোৱে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : November 09, 2020, 15:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।