অনিল কাপুৰৰ গালত জেকী শ্ৰফৰ ১৭ টা প্ৰচণ্ড চৰ! কিন্তু কিয়?

কিয় অনিল কাপুৰক মাৰিব লগা হ’ল ১৭ টা চৰ, ক’লে অভিনেতা জেকী শ্ৰফে

News18-Assam
Updated:November 1, 2019, 3:10 PM IST
অনিল কাপুৰৰ গালত জেকী শ্ৰফৰ ১৭ টা প্ৰচণ্ড চৰ! কিন্তু কিয়?
Source-Bollywood
News18-Assam
Updated: November 1, 2019, 3:10 PM IST
বলীউডৰ ক্লাছিক ছবি পৰিণ্ডা মুক্তি পোৱা আজি ৩০ বছৰ হ’ল। ছবিখন পৰিচালনা কৰিছিল বিধু বিনোদ চোপ্ৰাই। ছবিখনত অভিনয় কৰিছিল অনিল কাপুৰ, জেকি শ্ৰফ, নানা পাটেকাৰ, মাধুৰী দিক্ষিতৰ দৰে তাৰকাই। ছবিখনে ৩০ বছৰত ভৰি দিয়াত পৰিচালক বিধু বিনোদ চোপ্ৰাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এক বিশেষ ভিডিঅ’।

সেইদৰে অভিনেতা জেকি শ্ৰফেও ছবিখনৰ শ্বুটিঙৰ সময়ৰ কিছু অনুভৱ ব্যক্ত কৰিছে। জেকী শ্ৰফে কয় যে, ছবিখনত মই অনিলৰ ককায়েক, এটা দৃশ্যত মই অনিলক এটা চৰ মাৰিব লাগে, প্ৰথম শ্বটতো সম্পূৰ্ণ পাৰফেক্ট এক্সপ্ৰেচনৰ লগতে শুদ্ধ আছিল, কিন্তু অনিলে ৰিটেক বিচাৰে। আৰু মুঠ ১৭ টা শ্ব’ট ল’বলগীয়া দৃশ্যটোত অনিলক শোধাবলগীয়া হয় ১৭ টা চৰ। তাৎপৰ্যপূৰ্ণ ভাবে অনিলে সঁচাকৈয়ে চৰ মাৰিবলৈ মোক বাধ্য কৰিছিল শ্বুটিঙৰ সময়ত’।

চাওক ভিডিঅ’


আৰু চাওক পৰৱৰ্তী বাতৰি