• Home
  • »
  • News
  • »
  • assam
  • »
  • অভিনেত্ৰী হেমামালিনীৰ লগতে নলবাৰী ৰাসলৈ আহিব বলিউডৰ জনপ্ৰিয় কমেডিয়ান আছৰানী

অভিনেত্ৰী হেমামালিনীৰ লগতে নলবাৰী ৰাসলৈ আহিব বলিউডৰ জনপ্ৰিয় কমেডিয়ান আছৰানী

১৫ নৱেম্বৰত উপস্থিত থাকিব বলিউডৰ জনপ্ৰিয় কমেডিয়ান গোৱৰ্ধন আছৰানী ওৰফে আছৰানী।

১৫ নৱেম্বৰত উপস্থিত থাকিব বলিউডৰ জনপ্ৰিয় কমেডিয়ান গোৱৰ্ধন আছৰানী ওৰফে আছৰানী।

১৫ নৱেম্বৰত উপস্থিত থাকিব বলিউডৰ জনপ্ৰিয় কমেডিয়ান গোৱৰ্ধন আছৰানী ওৰফে আছৰানী।

  • Share this:
সমগ্ৰ দেশজুৰি ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ'ল শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। অসমতো উলহ-মালহেৰে উদযাপন কৰা হয় ৰাস মহোৎসৱ। নলবাৰীৰ ৰাসক বাদ দি যেন সম্পূৰ্ণ নহয় অসমৰ ৰাস মহোৎসৱ।

সময়ৰ লগে লগে জনপ্ৰিয়তা বাঢ়ি আহিছে নলবাৰী ৰাস মহোৎসৱৰ। এইবাৰ এজনৰ পিছত আনজন বলিউড তাৰকাৰ আগন্তুক উপস্থিতিৰ খবৰে আৰু অধিক উৎসাহিত কৰিছে নলবাৰী তথা সমগ্ৰ ৰাজ্যবাসীক।

সুখবৰ যে, আগন্তুক ১৪ নৱেম্বৰত নলবাৰী ৰাস মহোৎসৱ উপস্থিত থাকিব বলিউডৰ মোহময়ী অভিনেত্ৰী হেমামালিনী আৰু তাৰ পৰৱৰ্তী দিনা অৰ্থাৎ ১৫ নৱেম্বৰত উপস্থিত থাকিব বলিউডৰ জনপ্ৰিয় কমেডিয়ান গোৱৰ্ধন আছৰানী ওৰফে আছৰানী। আছৰানীয়ে নলবাৰীৰ ৰাস উপভোগ কৰিবলৈ অহাৰ বাতৰিটো নিজেই সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে।

এতিয়া ১৫ নৱেম্বৰত নলবাৰীৰ ৰাসত আছৰানীক ওচৰৰ পৰা পাবলৈ ব্যাকুল হৈ পৰিছে ৰাজ্যবাসী।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি