• Home
  • »
  • News
  • »
  • assam
  • »
  • Actor Asrani in Nalbari Raas : নলবাৰী ৰাস মহোত্‍সৱত কৌতুক অভিনেতা গোৱৰ্ধন আছৰানি

Actor Asrani in Nalbari Raas : নলবাৰী ৰাস মহোত্‍সৱত কৌতুক অভিনেতা গোৱৰ্ধন আছৰানি

আছৰানিয়ে অভিনেতা অমিতাভ বচ্চনকো নলবাৰী ৰাসৰ কথা অৱগত কৰি আহিবলৈ ক'ব বুলি ভাষণত উল্লেখ কৰে।

আছৰানিয়ে অভিনেতা অমিতাভ বচ্চনকো নলবাৰী ৰাসৰ কথা অৱগত কৰি আহিবলৈ ক'ব বুলি ভাষণত উল্লেখ কৰে।

আছৰানিয়ে অভিনেতা অমিতাভ বচ্চনকো নলবাৰী ৰাসৰ কথা অৱগত কৰি আহিবলৈ ক'ব বুলি ভাষণত উল্লেখ কৰে।

  • Share this:
বলীউডৰ মোহময়ী অভিনেত্ৰী হেমামালিনীৰ পিছত আজি নলবাৰী ৰাস মহোত্‍সৱত উপস্থিত হ'ল বলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতা গোৱৰ্ধন আছৰানি।

হৰিমন্দিৰত চলি থকা ৰাস মহোত্‍সৱত অংশ লৈ বিশিষ্ট কৌতূক অভিনেতাগৰাকীয়ে অসমক ভূয়সী প্ৰশংসা কৰি কয় যে অসম এখন সংস্কৃতিৱান ৰাজ্য। ৰাস মহোত্‍সৱ আয়োজন কৰি অসমৰ ৰাইজে প্ৰচাৰ কৰিছে আধ্যাত্মিক বাণী।

ইফালে ভাষণ প্ৰসংগত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসা কৰি আছৰানিৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাই সলাই পেলাইছে অসমৰ নক্সা।শিক্ষা-স্বাস্থ্যৰ উন্নতি আৰু নিবনুৱাৰ নিযুক্তিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই অহৰ্নিশে কাম কৰিছে।

মুখ্যমন্ত্ৰীয়ে চাকৰি প্ৰদান কৰা নিবনুৱাই পিতৃ-মাতৃক সেৱা কৰিব লাগে বুলি উচিত সিদ্ধান্তই লৈছে বুলিও লগতে উল্লেখ কৰে আছৰানিয়ে।

ইফালে আছৰানিয়ে অভিনেতা অমিতাভ বচ্চনক নলবাৰী ৰাসৰ কথা অৱগত কৰিব বুলি জনাই অভিনেতাগৰাকীক নলবাৰীৰ ৰাসলৈ আহিবলৈ ক'ব বুলি ভাষণত উল্লেখ কৰে। আনহাতে ৰাস মহোত্‍সৱৰ সভাপতি তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আছৰানিক নলবাৰী ৰাসৰ তাৎপৰ্য সম্পৰ্কে ব্যাখ্যা কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি