বলীউদৰ বিশিষ্ট সংগীত শিল্পী, অসম সন্তান বিক্ৰম গোস্বামীৰ পৰলোক

ছলমান খান অভিনীত ‘তেৰে নাম’ ছবিৰ আৱহ সংগীতৰ বাবে লাভ কৰিছিল ‘জী চিনে এৱাৰ্ড’।

news18assam
Updated:June 13, 2019, 11:41 AM IST
বলীউদৰ বিশিষ্ট সংগীত শিল্পী, অসম সন্তান বিক্ৰম গোস্বামীৰ পৰলোক
ছলমান খান অভিনীত ‘তেৰে নাম’ ছবিৰ আৱহ সংগীতৰ বাবে লাভ কৰিছিল ‘জী চিনে এৱাৰ্ড’।
news18assam
Updated: June 13, 2019, 11:41 AM IST
বলীউদৰ বিশিষ্ট সংগীত শিল্পী অসম সন্তান বিক্ৰম গোস্বামী (ভিকি)ৰ দেহাৱসান। যোৱানিশা মুম্বাইৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে গোস্বামীয়ে। সম্প্ৰতি মুম্বাই নিবাসী তেজপুৰৰ সন্তান বিক্ৰম গোস্বামীয়ে ছলমান খান অভিনীত ‘তেৰে নাম’ ছবিৰ আৱহ সংগীতৰ বাবে লাভ কৰিছিল ‘জী চিনে এৱাৰ্ড’। গুৰুতৰভাৱে অসুস্থ হৈ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ২১ মে’ৰ পৰা চিকিৎসাধীন হৈ আছিল সংগীত শিল্পীগৰাকী৷

ছলমান খান অভিনীত ‘দিল নে জিছে অপনা কহা’, অমিতাভ বচ্চনৰ ‘পা’ আদি ছবিৰ সৈতেও জড়িত আছিল গোস্বামী। ৫১ বছৰীয়া বিশিষ্ট সংগীত শিল্পীগৰাকীৰ অকাল মৃত্যুত সাংস্কৃতিক নগৰী তেজপুৰত গভীৰ শোকৰ ছাঁ পৰিছে৷ অসমীয়া ছবি জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ খুড়াক প্ৰয়াত দুৰ্গাধৰ গোস্বামীৰ কণিষ্ঠ পুত্ৰ বিক্ৰম গোস্বামী।
আৰু চাওক পৰৱৰ্তী বাতৰি