অভিনেতা অনিল কাপুৰক বনাওক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, কোনে জনালে এই দাবী

News18-Assam
Updated:November 1, 2019, 1:14 PM IST
অভিনেতা অনিল কাপুৰক বনাওক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, কোনে জনালে এই দাবী
Nayak Movie Photo

২০০১ চনত মুক্তি লাভ কৰা অনিল কাপুৰৰ নায়ক ছবিখনৰ কথা নিশ্চয় আপোনাৰ মনত আছে। ছবিখনত অনিল কাপুৰক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ ৰূপত দেখা গৈছিল।

  • Share this:
২০০১ চনত মুক্তি লাভ কৰা অনিল কাপুৰৰ নায়ক ছবিখনৰ কথা নিশ্চয় আপোনাৰ মনত আছে। ছবিখনত অনিল কাপুৰক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ ৰূপত দেখা গৈছিল। ছবিখনত অনিল কাপুৰৰ সেই অভিনয়, তেওঁৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ অভিনয় বুলি বিবেচিত কৰা হয়। কিন্তু এতিয়া চিনেমাত নহয়, সঁচাকৈয়ে অনিল কাপুৰক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে আহ্বান জনালে একাংশই।

বিধানসভা নিৰ্বাচনত বিজেপি বৃহৎ দল হিচাপে নিৰ্বাচিত হোৱাৰ পিছত শিৱসেনাৰ সৈতে বিজেপিয়ে ৰাজ্যখনত এতিয়া চৰকাৰ গঠন কৰিবলৈ এখোজ আগুৱাই, দুখোজ পিছুৱাইছে। বিজেপিয়ে মুখ্যমন্ত্ৰী পদ দাবী কৰাৰ সমান্তৰাল ভাবে শিৱসেনায়ো বিচাৰিছে মুখ্যমন্ত্ৰী পদ। দুয়োটা দলে মুখ্যমন্ত্ৰী পদৰ বাবে সহমতত উপনীত হ’ব নোৱাৰাৰ সময়তে অভিনেতা অনিল কাপুৰক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিলে অভিনেতাগৰাকীৰ এগৰাকী অনুৰাগীয়ে।

বিজয় গুপ্তা নামৰ অনিল কাপুৰৰ এগৰাকী ব্যক্তিয়ে টুইটাৰৰ জৰিয়তে অনিল কাপুৰক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদ যাচিবলৈ ক’লে। অনুৰাগীজনৰ এই টুইটত অনিল কাপুৰেও কৰিছে বিশেষ মন্তব্য। ব্যক্তিজনে দেৱেন্দ্ৰ ফাৰনবিছ, আদিত্য থাকৰে আৰু অনিল কাপুৰক টেগ কৰি লিখে যে, ‘যেতিয়ালৈকে কোনো ৰাস্তা নোলাই তেতিয়ালৈকে অনিল কাপুৰক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়ক। পৰ্দাত অনিল কাপুৰক সকলোৱে দেখিছে এদিনৰ কাৰণে মুখ্যমন্ত্ৰী হৈ অনিল কাপুৰে কিমান খিনি কাম কৰিছিল।
First published: November 1, 2019, 1:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading