• Home
  • »
  • News
  • »
  • assam
  • »
  • Bokulban Award 2022: অসমীয়া লোক সংস্কৃতিৰ একনিষ্ঠ সাধক  বৰক'লাৰ কিছন সিঙক “বকুল বন বটা ২০২২" প্ৰদান 

Bokulban Award 2022: অসমীয়া লোক সংস্কৃতিৰ একনিষ্ঠ সাধক  বৰক'লাৰ কিছন সিঙক “বকুল বন বটা ২০২২" প্ৰদান 

বকুলবনৰ কবি পদ্মশ্ৰী আনন্দ চন্দ্ৰ বৰুৱাৰ পুণ্য স্মৃতিত বকুল বন ন‍্যাসৰ উদ্যোগত বঁটা প্ৰদান।

বকুলবনৰ কবি পদ্মশ্ৰী আনন্দ চন্দ্ৰ বৰুৱাৰ পুণ্য স্মৃতিত বকুল বন ন‍্যাসৰ উদ্যোগত বঁটা প্ৰদান।

বকুলবনৰ কবি পদ্মশ্ৰী আনন্দ চন্দ্ৰ বৰুৱাৰ পুণ্য স্মৃতিত বকুল বন ন‍্যাসৰ উদ্যোগত বঁটা প্ৰদান।

  • Share this:

 অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বকুলবনৰ কবি পদ্মশ্ৰী আনন্দ চন্দ্ৰ বৰুৱাৰ পুণ্য স্মৃতিত বকুল বন ন‍্যাসৰ উদ্যোগত প্ৰতিবছৰে "বকুল বন বঁটা'' প্ৰদান কৰি অহা হৈছে। এই বৰ্ষত ১৯ সংখ্যক বকুল বন বঁটা প্ৰদান কৰা হয় লোকসংস্কৃতিৰ সাধক (folk artist) নগাঁও জিলাৰ বৰক'লাৰ নিৱাসী কিছন সিঙক। ক'ভিডকালীন পৰিৱেশৰ বাবে চলিত বৰ্ষৰ বকুল বন বঁটা (Bokulban Award 2022) যোৰহাটৰ পৰিৱৰ্তে বঁটা প্ৰাপকৰ বৰক'লাস্থিত বাসগৃহত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।


উল্লেখযোগ্য বঁটা প্ৰাপক কিছন সিঙে চাকৰিসূত্ৰে কাৰ্বি পাহাৰত থকা সুদীৰ্ঘ সময়ত কাৰ্বি সমাজত কীৰ্তন,ভাগৱত আদি পাঠ কৰি বিশেষ সমাদৰ লাভ কৰি আহিছিল।ভাগৱত,কীৰ্তন আৰু নামঘোষা আদিৰ ‌ওপৰত বিশেষভাৱে দখল থকা অসমীয়া শিখ কিছন সিঙে পাহাৰীয়া ভাই ভনীসকলৰ মাজত মহাপুৰুষীয়া সংস্কৃতিৰ প্ৰসাৰ ঘটোৱাৰ উপৰি অসমৰ বিভিন্ন স্থানলৈ গৈ কীৰ্ত্তন,নামঘোষা আদি পুথি সমূহৰ পঠন আৰু বাখ্যা আগবঢ়াই আহিছে।


আজি বকুলবন ন্যাসৰ উদ্যোগত প্ৰদান কৰা বকুলবন বঁটা প্ৰদান (ক'লাৰ নিৱাসী কিছন সিঙক। ক'ভিডকালীন পৰিৱেশৰ বাবে চলিত বৰ্ষৰ বকুল বন বঁটা (Bokulban Award 2022 Given) অনুষ্ঠানত উপস্থিত থাকে বকুলবন ন্যাস অসমৰ সভাপতি ড০ সৌমিত্ৰ পূজাৰী, সম্পাদক দিগন্ত প্ৰকাশ গোস্বামী,বকুলবন সমাজৰ সম্পাদক পৰশমণি মহন্ত,নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা,বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং, গুৰুমুখ সিং,কৰ্তাৰ সিং,দৰবাৰ সিং,কমন সিং,মনদীপ সিং,স্বৰূপ সিং,জ্ঞানী জচবীৰ সিং,নন্দেশ্বৰ ডেকা ৰজা,হৰেন্দ্ৰ লস্কৰ,ললিত সিং,ভদ্ৰকান্ত ডেকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।


উল্লেখ্য কিছন সিঙক (Kisan Singh) প্ৰদান কৰা বকুলবন বঁটাত আছে বকুলবনৰ ৰচনাৱলী,গুণমালা পুথি,প্ৰশস্তি পত্ৰ,অংগবস্ত্ৰ আৰু নগদ ধনৰ টোপোলা।বঁটা প্ৰাপক কিছন সিঙে এই বঁটা লাভ কৰি গৌৰৱ অনুভৱ কৰিছে বুলি মন্তব্য কৰাৰ লগতে বঁটা প্ৰদান কৰা অনুষ্ঠান 'বকুল বন ন্যাস'ৰ সভাপতি ড০ সৌমিত্ৰ পূজাৰী আৰু সম্পাদক দিগন্ত প্ৰকাশ গোস্বামীক ধন্যবাদ জ্ঞাপন কৰিছে।

Published by:Gautam Barman
First published: