• Home
  • »
  • News
  • »
  • assam
  • »
  • বোকাখাতৰ ৰাজাবাৰী তেল চুৰি কাণ্ডৰ নতুন মোৰ! নাম সাঙোৰ খাইছে অগপৰ চাহ কোষৰ কেন্দ্ৰীয় সম্পাদকৰ নাম 

বোকাখাতৰ ৰাজাবাৰী তেল চুৰি কাণ্ডৰ নতুন মোৰ! নাম সাঙোৰ খাইছে অগপৰ চাহ কোষৰ কেন্দ্ৰীয় সম্পাদকৰ নাম 

এই তেল চুৰি কাণ্ডৰ সৈতে জড়িত থকা বহু  ৰৌ-বৰালি যে, জালত পৰিব সি প্ৰায় নিশ্চিত।

এই তেল চুৰি কাণ্ডৰ সৈতে জড়িত থকা বহু  ৰৌ-বৰালি যে, জালত পৰিব সি প্ৰায় নিশ্চিত।

এই তেল চুৰি কাণ্ডৰ সৈতে জড়িত থকা বহু  ৰৌ-বৰালি যে, জালত পৰিব সি প্ৰায় নিশ্চিত।

  • Share this:
কেঁচু খান্দোতে ওলাইছে সাপ!  বোকাখাতৰ ৰজাবাৰীৰ অবৈধ তেল চুৰি কাণ্ডই লৈছে নতুন মোৰ ৷ অগপ নেতা পৰমানন্দ দাসৰ পিছত আন এজন অগপৰ প্ৰভাৱশালী নেতা, মন্ত্ৰী অতুল বৰাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত অগপৰ কেন্দ্ৰীয় চাহ কোষৰ সম্পাদক ভাস্কৰ কালিন্দীৰ নাম সাঙোৰ খাই পৰিছে ৷  মন্ত্ৰী অতুল বৰাৰ ঘনিষ্ঠ হোৱাৰ বাবেই অসম গাঁঁওৰক্ষী বাহিনীৰ বোকাখাত থানা কমিটীৰ সভাপতিৰ আসনখন বলপূৰ্বকভাৱে ভাস্কৰ কালিন্দীয়ে দখল কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল ৷

ইফালে জে'ল হাজোতলৈ প্ৰেৰণ কৰা অগপ নেতা পৰমানন্দ দাসে তেল চুৰি কাণ্ডটোৰ সৈতে ভাস্কৰ কালিন্দীও জড়িত থকাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ৷ তেল চুৰিৰ মাষ্টাৰ মাইণ্ড সুৰজ আলীৰ ওচৰলৈও পৰমানন্দ দাসক ভাস্কৰ কালিন্দীয়েই লৈ গৈছিল বুলিও পৰমানন্দ দাসে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ৷



যোৱা ১৩ জুনৰ দিনা বোকাখাতৰ ৰজাবাৰীৰ তেলৰ ঘাটিত আৰক্ষীয়ে অভিযান চলোৱাৰ  দুদিন পিছত ভাস্কৰ কালিন্দীক দেখা গৈছিল ৷ কিন্তু তাৰ পিছৰ পৰাই অগপ নেতা ভাস্কৰ কালিন্দী পলাতক অৱস্থাত আছে ৷ ইতিমধ্যে ভাস্কৰ কালিন্দীক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

ইফালে বোকাখাত আৰক্ষীয়ে গুৱাহাটীৰ পৰা হিম্মৎ সিং নামৰ আৰু এজনক গ্ৰেপ্তাৰ কৰিছে। অগপ নেতা পৰমানন্দ দাসৰ অবৈধ তেলৰ ঘাটিৰ পৰা জব্দ কৰা NL 05 D 7095 নম্বৰৰ টেংকাৰখনৰ নথিপত্ৰ ইতিমধ্যে ভুৱা বুলি প্ৰমাণিত হৈছে ৷ এই ভুৱা নথিপত্ৰসমূহ হিম্মৎ সিঙে প্ৰস্তুত কৰি দিছিল বুলিও জানিব পৰা গৈছে ৷



এই তেল চুৰি কাণ্ডৰ সৈতে জড়িত থকা বহু  ৰৌ-বৰালি যে, জালত পৰিব সি প্ৰায় নিশ্চিত। গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত চলা "অপাৰেশ্যন ৰজাবাৰী"ত পৰমানন্দ দাস, হিম্মৎ সিং,সুৰজ সাহা, জগত দাস, নুৰজামাল আলী, মুক্তাৰ আহমেদ আৰু প্ৰাণজিৎ বৰুৱা ওৰফে সোণমনিক গ্ৰেপ্তাৰ কৰিছে ৷
Published by:Himangshu Bhuyan
First published: