বানাক্ৰান্তৰ বাবে অহা চাউল জহি পঁচি গ'ল গুদামতে ৷ কাৰ হেমাহিত কেনেকৈ ৫০০ কুইন্টল চাউল গুদামতে জহি পচি গ'ল সি এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ যাৰ বজাৰৰ মূল্য ১০ লক্ষাধিক টকা ৷ কিন্তু ক'ত কেনেকৈ এই ৫০০ কুইন্টল বানাক্ৰান্তৰ বাবে অহা চাউল জহি পঁচি গ'ল ?
বানাক্ৰান্তৰ বাবে অহা ৫০০ কুইন্টল চাউলৰ এক বৃহৎ কেলেংকাৰী শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ এই ঘটনা পোহৰলৈ আহিছে কৃষিমন্ত্রী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতত । যি সময়ত বানাক্ৰান্তক এমুঠি ভাতৰ বাবে সাহায্য বিতৰণত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিবৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা জাৰি কৰিছে সেই সময়তেই বানাক্ৰান্তক সাহায্য বিতৰণত হেমাহি কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিষয়াক ধমক দিছে, সেই সময়ত বানাক্ৰান্তৰ বাবে অহা ৫০০ কুইন্টলকৈ চাউল গুদামতে জহি পচি গ'ল ? বোকাখাত মহকুমা প্ৰশাসনৰ চৰম হেমাহিৰ বাবেই বানাক্ৰান্তৰ বাবে অহা ৫০০ কুইন্টল চাউল পশুধনে খোৱাৰো অনুপযোগী হৈ পৰিল ৷ ২০১৯ চনত বানাক্ৰান্তক সাহায্য প্ৰদানৰ বাবে বোকাখাত মহকুমা প্ৰশাসনলৈ আহিছিল ১০০০ কুইন্টল চাউল ৷ ২০১৯ বৰ্ষত বানাক্ৰান্তক ৫০০ কুইন্টল চাউল বিতৰণ কৰাৰ পাছত বাকী ৫০০ কুইন্টল চাউল জলসম্পদ বিভাগৰ গুদামত বিতৰণ নকৰি মজুত ৰাখিলে ৷ ২০১৯ চনৰ পৰা ২০২২ চন পালেহি ৷ যোৱা তিনি বছৰে গুদামতেই সেই ৫০০ কুইন্টল চাউল জমা কৰি ৰখাত সমগ্ৰ চাউল খোৱাৰ অনুপযোগী হৈ পৰিল ৷ এই তথ্য পোহৰলৈ অহাৰ লগে লগে হাহাকাৰ লাগিছে বোকাখাত মহকুমা প্ৰশাসনত ৷ ক্ষোভিত হৈ পৰিছে দল-সংগঠন ৷ কাৰ হেমাহিৰ বাবে বানাক্ৰান্তৰ বাবে অহা চাউল গুদামতে জহি পচি গ'ল তাৰ তদন্ত বিচৰাৰ লগতে দোষী বিষয়াক শাস্তি প্ৰদানৰো দাবী তুলিছে ৷ কিন্তু বিগত তিনিবছৰে জনসাধাৰণক অন্ধকাৰত ৰাখি বোকাখাতৰ জলসম্পদ বিভাগৰ গুদামত জমা ৰখা উক্ত ৫০০ কুইন্টল চাউল ইতিমধ্যেই মানুহতো বাদেই জীৱ-জন্তুৱেও খোৱাৰ অনুপযোগী হৈ পৰিছে তাৰো তদন্তৰ দাবী তুলিছে । এই সন্দৰ্ভত বৰ্তমানৰ বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াগৰাকীয়ে ইয়াক দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷ ২০২১ চনৰ ২১ জুলাই বোকাখাতৰ মহকুমাধিপতি হিচাপে যোগদান কৰাৰ পাছতেই এই ৫০০ কুইন্টল চাউলৰ সম্ভেদ লাভ কৰিছিল ৷ বোকাখাত জলসম্পদ বিভাগৰ গুদামত মজুত থকা ৫০০ কুইন্টল চাউলৰ নমুনা সংগ্ৰহ কৰি খোৱাৰ উপযোগী নে অনুপযোগী জানিবৰ বাবে ২০২১ চনৰ ২৭ জুলাইত ফৰেঞ্চিক লেবেটৰীলৈ প্ৰেৰণ কৰিছিল ৷ কিন্তু যোৱা এটা বছৰত ফৰেঞ্চিক লেবৰেটৰীৰ পৰা কোনো সুদুত্তৰ নাপালে ৷ যাৰ বাবে আইনী পেৰপেচত পৰি বানাক্ৰান্তৰ বাবে অহা এই ৫০০ কুইন্টল চাউল জহি পচি গ'ল ৷
Published by: Kokil Sarma
FIRST PUBLISHED : June 23, 2022, 20:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।