• Home
  • »
  • News
  • »
  • assam
  • »
  • JORHAT : যোৰহাট নগৰৰ মাজমজিয়াত পুনৰ উদ্ধাৰ হ'ল মৃতদেহ

JORHAT : যোৰহাট নগৰৰ মাজমজিয়াত পুনৰ উদ্ধাৰ হ'ল মৃতদেহ

মৃতদেহটো কেইবাদিনো পুৰণি বুলি সন্দেহ কৰা হৈছে

মৃতদেহটো কেইবাদিনো পুৰণি বুলি সন্দেহ কৰা হৈছে

মৃতদেহটো কেইবাদিনো পুৰণি বুলি সন্দেহ কৰা হৈছে

  • Share this:
যোৰহাট নগৰৰ মাজমজিয়াত বুধবাৰে পুৱা পুনৰ উদ্ধাৰ হয় এটা মৃতদেহ। নগৰৰ পুৰণা পাব্লিক বাছ ষ্টেণ্ডত থকা অৰ্ধনিৰ্মিত বহুমহলীয়া কাৰ পাৰ্কিঙৰ দ্বিতীয় মহলাৰ চাদত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ।

ক্ৰমাৎ পচিবলৈ ধৰা অচিনাক্ত লোকজনৰ মৃতদেহটো কেইবাদিন পুৰণি বুলি ধাৰণা কৰা হৈছে । আৰক্ষীৰ প্ৰাথমিক তদন্তত মৃতদেহটোত কোনোধৰণৰ আঘাতৰ চিন পোৱা নাই।

পৰৱৰ্তী সময়ত মৃতদেহটো উক্ত এলেকাতে ঘুৰি ফুৰা এজন লোকৰ বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যোৱা ১৮ ছেপ্তেম্বৰৰ পুৱাও নগৰৰ জে বি ৰোডৰ কাষত এটা অনুৰূপ মৃতদেহ উদ্ধাৰ হৈছিল।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি