• Home
  • »
  • News
  • »
  • assam
  • »
  • Hailakandi: বিধায়কৰ ব্যৱসায়িক প্ৰতিষ্ঠানত উদ্ধাৰ মৃতদেহ, চাঞ্চল্য হাইলাকান্দিত 

Hailakandi: বিধায়কৰ ব্যৱসায়িক প্ৰতিষ্ঠানত উদ্ধাৰ মৃতদেহ, চাঞ্চল্য হাইলাকান্দিত 

 পৰিয়ালৰ লোকে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে।

পৰিয়ালৰ লোকে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে।

পৰিয়ালৰ লোকে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে।

  • Share this:
এগৰাকী বিধায়কৰ ব্যবসায়িক প্ৰতিষ্ঠানত মৃতদেহ উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে হাইলাকান্দিত । হাইলাকান্দি জিলাৰ ধলেশ্বৰত থকা কাটিগৰা সমষ্টিৰ বিধায়ক খলিল উদ্দিন মজুমদাৰৰ এট‍া ষ্টোন ক্ৰেছাৰ মেছিনৰ  চৌহদত ( stone crusher machine campus) উদ্ধ‍াৰ হৈছে এটা মৃতদেহ ।

ক্ৰেছাৰ চৌহদত থক‍া এখন হাবিৰ মাজতে অৰ্ধগলিত মৃতদেহটো প্ৰত্যক্ষ কৰি কৰ্মৰত শ্ৰমিকসকলে খবৰ দিয়ে আৰক্ষীক। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো  উদ্ধাৰ কৰে (Body recovered at Hailakandi)। মৃতদেহটো ইছলাম উদ্দিন নামৰ ক্ৰেছাৰ প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী গাড়ী চালকৰ বুলি চিনাক্ত কৰিছে স্থানীয় লোকে।

ঘৰ স্থানীয় পাচগ্ৰাম এলেকাত। যোৱা ১ তাৰিখৰ পৰা নিৰুদ্দেশ আছিলে ইছলাম উদ্দিন। যোৱা ২ তাৰিখে তেওঁৰ পৰিয়ালৰ পৰা নিৰুদ্দেশ সংক্ৰান্তত এটা গোচৰো ৰজু কৰিছিল। ইপিনে, নিহত ইছলাম উদ্দিনৰ পৰিয়ালৰ লোকে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে। আনহাতে, বৰ্তমানে পাচগ্ৰাম থানাৰ আৰক্ষীয়ে এই ঘটনাক গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি