গুৱাহাটী মহানগৰীৰ জ্যোতিষী লীলা মাধৱ শইকীয়াৰ বাসগৃহত যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই লৈছে নতুন মূৰ। বৃহস্পতিবাৰে জ্যোতিষী নীলা মাধৱক দিছপুৰ আৰক্ষীয়ে আটক কৰে। আৰু প্ৰায় ২৪ ঘণ্টা জেৰাৰ অন্তত IPCৰ ধাৰা ৩০২ৰ অধীনত গ্ৰেপ্তাৰ কৰে জ্যোতিষীগৰাকীক।
আৰক্ষীৰ তদন্ত অনুসৰি, জ্যোতিষীজনৰ কোঠাত বৃহস্পতিবাৰে উদ্ধাৰ হৈছিল প্ৰেমিকাৰ মৃতদেহ ৷ আৰক্ষীক খবৰ নিদিয়াকৈয়ে জ্যোতিষীজনে মৃতদেহ উলিয়াই নিছিল ঘৰৰ পৰা। আনকি গাড়ীৰে মৃতদেহ লৈ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ঘূৰিও ফুৰিছিল ৷ ইতিমধ্যে প্ৰেমিকৰূপী জ্যোতিষীগৰাকীয়ে যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে।
ইফালে আজি আদালতত কৰোৱা হ'ব জ্যোতিষী লিলা মাধৱ শইকীয়াক ৷ দিছপুৰ থানাত ৰুজু হোৱা গোচৰটো হৈছে ১০৪৯/২০২২ ৷
উল্লেখ্য যে, যুৱতীগৰাকীৰ ঘৰ গুৱাহাটীৰ বিষ্ণুপুৰত। জ্যোতিষীগৰাকীৰ সৈতে বিগত ৩ বছৰ ধৰি কৰ্মৰত আছিল যুৱতীগৰাকী। আৰক্ষীৰ সঠিক তদন্তৰ পিছত প্ৰকৃত ৰহস্য ওলাই পৰাৰ আশা কৰা হৈছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 29, 2022, 12:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।