ভূতনাথ শ্মশানত সম্পন্ন কৰা হ’ব নিহাৰিকাৰ শহুৰেক থুলেশ্বৰ দাসৰ শেষকৃত্য

News18 Assam | News18-Assam
Updated:June 8, 2021, 10:03 AM IST
ভূতনাথ শ্মশানত সম্পন্ন কৰা হ’ব নিহাৰিকাৰ শহুৰেক থুলেশ্বৰ দাসৰ শেষকৃত্য
নিহাৰিকাৰ স্বামী মিণ্টু দাস শিলিগুৰিৰ পৰা আহি উপস্থিত হৈছে গুৱাহাটীত। মিণ্টুৰ ভাতৃ কুকিল দাসো আহি পাইছে শিলচৰৰ পৰা।

নিহাৰিকাৰ স্বামী মিণ্টু দাস শিলিগুৰিৰ পৰা আহি উপস্থিত হৈছে গুৱাহাটীত। মিণ্টুৰ ভাতৃ কুকিল দাসো আহি পাইছে শিলচৰৰ পৰা।

  • Share this:
মহানগৰীৰ ভূতনাথ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব ৰহাৰ সাহসী বোৱাৰী নিহাৰিকাৰ শহুৰেক থুলেশ্বৰ দাসৰ। নিশা ১০.৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় থুলেশ্বৰ দাসৰ। মৃত্যুৰ সময়ত কোভিড পজিটিভ থকাৰ বাবে প্ৰশাসনৰ নিয়ম অনুসৰি সম্পন্ন হ’ব শেষকৃত্য। এই কথা জনালে বৰ্তমানো কোভিডত আক্ৰান্ত হৈ থকা নিহাৰিকা দাসে। নিহাৰিকা দাস বৰ্তমান জি এম চি এইচতে চিকিৎসাধীন হৈ আছে।

নিহাৰিকাৰ স্বামী মিণ্টু দাস শিলিগুৰিৰ পৰা আহি উপস্থিত হৈছে গুৱাহাটীত। মিণ্টুৰ ভাতৃ কুকিল দাসো আহি পাইছে শিলচৰৰ পৰা।

উল্লেখযোগ্য যে নিহাৰিকাৰ পিতৃস্নেহৰ অপূৰ্ব নিদৰ্শনৰ ছবি ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। কোভিড আক্ৰান্ত শহুৰ দেউতাকক নিজেই বোকোচাত তুলি গাড়ীত উঠাই চিকিৎসালয়লৈ নিছিল নিহাৰিকাই। যাৰ ফলত নিজেও হৈ পৰিছিল কোভিড পজিটিভ।

নগাঁৱত চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতে শহুৰেকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছিল। শহুৰেকৰ সৈতে জিএমচিএইচলৈ যাব বিচাৰিছিল নিহাৰিকাও। নিহাৰিকাৰো কোভিড পজিটিভ হৈ থকাৰ বাবেই স্বাস্থ্য বিভাগে অনুমতি দিয়াত শহুৰেকৰ সৈতে নিহাৰিকাকো জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল।

নগাঁও জিলাৰ ৰহা পৌৰসভাৰ ৩নং ৱাৰ্ডৰ ভাটিগাঁৱৰ নিহাৰিকা দাস আৰু শহুৰেক থুলেশ্বৰ দাস গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নতুন বিল্ডিঙৰ ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়ৰ কোভিড চেণ্টাৰৰ প্ৰথম মহলাত চিকিৎসাধীন হৈ আছিল। শেহতীয়াকৈ থুলেশ্বৰ দাসৰ স্বাস্থ্যৰ উন্নতি হৈছে বুলি ছচিয়েল মিডিয়াযোগে জনাইছিল নিহাৰিকাই। কিন্তু নিহাৰিকাৰ আদৰ–যত্নয়ো ৰাখিব নোৱাৰিলে পিতৃক। যোৱানিশা চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় থুলেশ্বৰ দাসৰ।
Published by: Sanjay Kumar Das
First published: June 8, 2021, 10:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি