দৰং জিলাৰ ধূলাত সংঘতিত হ’ল জঘন্য ঘটনা। কিমান নিষ্ঠুৰ হ’ব পাৰে এগৰাকী মাতৃৰ হৃদয়। নিজৰ সদ্যোজাত দেৱশিশুক দলিয়াই থৈ গ'ল দলঙৰ তলত। ধূলা আৰক্ষী থানাৰ অন্তৰ্গত খাৰুপেটীয়াৰ নিকটৱৰ্তী টাংনী দলঙৰ তলত পুৱা প্ৰায় ৭ মান বজাত স্থানীয় পথচাৰীয়ে প্ৰত্যক্ষ কৰে এটি মৃত নৱজাতক। স্থানীয় লোকসকলে গাওঁৰক্ষী বাহিনী আৰু আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় ওজাগাঁও-থেকেৰাবাৰীৰ গাঁওৰক্ষী বাহিনীৰ লোক আৰু ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্যাণ বৰাসহ এটা দল। আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে।
ওজাগাঁও-থেকেৰাবাৰীৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদকে জানিবলৈ দিয়া মতে, দেৱশিশুটিৰ দেহত পোৱা গৈছে এখন শিশুটোৰ নাম লিখা ফলক যত লিখা আছে জন্মৰ তাৰিখ। সেই অনুসৰি ২ ফেব্ৰুৱাৰী জন্ম লাভ কৰিছিল শিশুটো। শিশুটোৰ ওজন প্ৰায় ২ কেজি ৮০০ গ্ৰাম। মৃতদেহত লগত উদ্ধাৰ হোৱা ফলক অনুসৰি মাতৃৰ নাম কাজল ভানু।