মৰিয়নিৰ নাগিনীজান চাহ বাগিচাত নিশা নিজ গৃহৰ ভিতৰতে কণমানি কন্যাসহ মাতৃৰ মৃতদেহ উদ্ধাৰ (Mother-Daughter Body Found) হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। বাগিচা খনৰ প্ৰীতিল এক্কা নামৰ লোক জনৰ পত্নী সুনিতা এক্কা আৰু তিনিবছৰীয়া কণমানিজনীৰ মৃতদেহ আৰক্ষীয়ে ঘৰৰ এটা কোঠাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। আনহাতে মাতৃ আৰু কন্যাই কোঠাৰ ভিতৰতে চিলিঙত ৰচীৰে চিপ লৈ আত্মহত্যা (Suicide) কৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।
ঘটনাস্থলীত স্থনীয় দেবেৰাপাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰা লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে এইয়া প্ৰকৃততে হত্যাকাণ্ড নে আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিব বুলি উল্লেখ কৰে।
আনহাতে মৃতদেহ উদ্ধাৰ হোৱা কোঠাটোৰ সামগ্ৰী সমুহ লণ্ডভণ্ড হৈ থকা লগতে বেৰ এখন ভগা অৱস্থাত উদ্ধাৰ হৈছে। এই ঘটনাই নাগিনীজান চাহ বাগিচাত চাঞ্চল্য সৃষ্টি কৰা লগতে আৰক্ষীয়ে সোধা-পোছাৰ বাবে মহিলাগৰাকীৰ স্বামী প্ৰীতিল এক্কাক আটক কৰিছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : November 21, 2021, 13:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।