News18 AssamNews18 Assam
|
News18-Assam Updated:November 8, 2020, 8:25 AM IST
যুৱকজন ৰঙিয়াৰ সমীপৰ গড়ভিতৰ বালাগাঁৱৰ মিন্টু দাস (৩০) বুলি চিনাক্ত।
যুৱকজন ৰঙিয়াৰ সমীপৰ গড়ভিতৰ বালাগাঁৱৰ মিন্টু দাস (৩০) বুলি চিনাক্ত।
ৰঙিয়াত বৰলীয়া নৈত উটি যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ। শনিবাৰে ৰঙিয়া নগৰৰ শিৱ মন্দিৰ পথৰ সমীপত বৰলীয়া নৈত পিছলি পৰিছিল এজন যুৱক। নৈৰ সোঁতে যুৱকজনক উটুৱাই নিছিল বহু দূৰলৈ। বহু চেষ্টা কৰিও উদ্ধাৰ কৰিব নোৱাৰিলে যুৱকজনক। খবৰ দিয়া হ’ল এছ ডি আৰ এফ বাহিনীক। নিৰুদ্দিষ্ট যুৱকৰ সন্ধানত অভিযান চলাই অৱশেষত এছ ডি আৰ এফে উদ্ধাৰ কৰিলে যুৱকজনৰ মৃতদেহ। যুৱকজন ৰঙিয়াৰ সমীপৰ গড়ভিতৰ বালাগাঁৱৰ মিন্টু দাস (৩০) বুলি চিনাক্ত। ঘৰ নিৰ্মাণৰ শ্ৰমিক হিচাপে কাম কৰি আছিল যুৱকজনে। তেনে সময়তে নৈত পিছলি পৰি মৃত্যু হয় যুৱকজনৰ।
Published by:
Sanjay Kumar Das
First published:
November 8, 2020, 8:25 AM IST