সোমবাৰে পুৱতি নিশাৰ পৰা সন্ধানহীন হৈ থকা বৰপেটাৰোডৰ খৈৰাবাৰীৰ সঞ্জয় চন্দৰ পত্নী মণি ৰায় কৰ্মকাৰৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ বৰপেটাৰোডৰ শ্মশানৰ পুখুৰীত ডুবি মহিলা গৰাকীৰ মৃত্যু ঘটা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে।
স্থানীয় ৰাইজে লগে লগে বৰপেটাৰোডৰ অগ্নিনিৰ্বাপক বাহিনীক ঘটনাটোৰ সন্দৰ্ভত খবৰ দিয়ে ৷ অগ্নিনিৰ্বাপক বাহিনীয়ে পুখুৰীটোত বিচাৰখোচাৰ কৰে যদিও মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ পৰৱৰ্তী সময়ত এনডিআৰএফ বাহিনীক খবৰ দিয়াত কলহ ভাঙ্গাৰ শ্মশানৰ উক্ত পুখুৰীটোৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
মৃত মহিলাগৰাকীৰ পিতৃ গৃহ শ্মশানখনৰ কাষতে যদিও মহিলা গৰাকীৰ বিয়া হৈছিল বৰপেটাৰোডৰ খৈৰাবাৰীলৈ ৷ উল্লেখ্য যে মহিলা গৰাকীৰ একমাত্ৰ সন্তানটোৰো কেইমাহমান পূৰ্বে মৃত্যু ঘটিছিল ৷ যাৰ ফলত মহিলাগৰাকী কিছু মানসিক অশান্তিত ভুগি আছিল বুলি জানিব পৰা গৈছে ৷ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷