ঘৰৰ সন্মুখতে ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ।আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ।
ঘৰৰ সন্মুখতে ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ।আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ।
যোৱা ১৯ জুলাইৰ পৰা সন্ধানহীন হৈ থকা পলাশবাৰী সদিলাপুৰৰ 6 বছৰীয়া শিশু কৌশিক কলিতাৰ মৃতদেহ ঘৰৰ সন্মুখেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰত নদীত উদ্ধাৰহয়। প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে অপহৰণৰ সন্দেহ কৰি পলাশবাৰী আৰক্ষীক খবৰ দিছিল।
পৰৱৰ্তী সময়ত পৰিয়াল তথা আৰক্ষীয়ে বহু বিচাৰ খুচাৰ কৰাৰ পিছতও কোনো সম্ভেদ পোৱা নাছিল শিশুটিৰ।যোৱা দুদিনে SDRF বাহিনীৰ জৰিয়তেও ব্ৰহ্মপুত্ৰত বিচাৰিছিল যদিও সন্ধান পোৱা নাছিল শিশুটিৰ। অৱশেষত আজি বৃহস্পতি বাবে ঘৰৰ সন্মুখতে ব্ৰহ্মপুত্ৰ ৰ পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ।লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়াত আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত শিশুটিৰ মৃতদেহ পানীৰ পৰা উঠাই আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।
৬ বছৰীয়া শিশুটিয়ে নিজে ব্ৰাহ্মপুত্ৰত নামিছিল নে কোনো দুৰ্বৃত্তই শিশুটি হত্যা কৰি পানীত পেলাই দিছে সেয়া মৰণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|