হাইলাকান্দিত সন্দেহজনক অবস্থাত উদ্ধাৰ ফাষ্ট ফুড বিক্ৰেতা (Fast Food Seller) যুবকৰ মৃতদেহ। হাইলাকান্দি (Hailakandi) নগৰৰ মাজমজিয়াত বাৰ লাইব্ৰেৰীৰ সম্মুখত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। মৃত ফাষ্ট ফুড বিক্ৰেতা যুৱক জনৰ নাম সঞ্জু দেৱনাথ।
বুধবাৰে পুৱাই হাইলাকান্দি নেতাজী সুভাষ ৰোডস্থিত বাৰ লাইব্ৰেৰীৰ সন্মুখত চিপ লোৱা অৱস্থাত এটা মৃতদেহ প্ৰত্যক্ষ কৰে পথ চাফা কৰাৰ বাবে যোৱা ছাফাই কৰ্মীয়ে। লগে লগে খবৰ দিয়া হয় আৰক্ষীক। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি স্থানীয় এছ কে ৰায় অসামৰিক হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
নিহত সঞ্জু দেৱনাথৰ ঘৰ হাইলাকান্দি নগৰৰ হাৰ্বাটগঞ্জ বজাৰৰ ৫ নম্বৰ ৱাৰ্ডত। যুৱকজনে হাইলাকান্দি বাৰ লাইব্ৰেৰীৰ সম্মুখতে মোমো, চাট আদি বিক্ৰী কৰিছিল। মৃতদেহটোৰ ভৰি মাটিত লাগি থকা অৱস্থাত আছিল।
ইপিনে, যুৱকজনক হত্যা (Murder) কৰি পিছত মৃতদেহটো ওলমাই ৰখা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে। চিচিটিভি ফুটেজ পৰীক্ষা কৰি চোৱাৰ দাবী জনাইছে পৰিয়ালৰ লোকে। পৰিয়ালৰ অভিযোগৰ পিছতে ঘটনাটো আত্মহত্যা নে পৰিকল্পিত হত্যা তাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|