உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Baby Elephant Death : মানস ৰাষ্ট্ৰীয় উদ্যানত মৃত হাতী পোৱালি উদ্ধাৰ, চিকিৎসকে ক'লে অদ্ভূত কাৰণ!

    Baby Elephant Death : মানস ৰাষ্ট্ৰীয় উদ্যানত মৃত হাতী পোৱালি উদ্ধাৰ, চিকিৎসকে ক'লে অদ্ভূত কাৰণ!

    Baby Elephant Death : মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জৰ অন্তৰ্গত টেকলাই পথৰ ওচৰত এটা হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ হয়।

    Baby Elephant Death : মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জৰ অন্তৰ্গত টেকলাই পথৰ ওচৰত এটা হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ হয়।

    Baby Elephant Death : মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জৰ অন্তৰ্গত টেকলাই পথৰ ওচৰত এটা হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ হয়।

    • Share this:
    বাক্সাত হাতী-মানুহৰ সংঘাট অব্যাহত থকাৰ মাজতে আজি মানস ৰাষ্ট্ৰীয় উদ্যান (Manas National Park)ৰ ভূঞাপাৰা ৰেঞ্জৰ অন্তৰ্গত মানাহ মাউজীগেন্দ্ৰী ইক'ট্যুৰিজিম ছ'চাইটিৰ নিকটৱৰ্তী টেকলাই পথৰ ওচৰত এটা হাতী পোৱালিৰ মৃতদেহ (Baby Elephant Death) উদ্ধাৰ হয়। বন বিভাগৰ এটা তহলদাৰী দলে হাতী পোৱালিটোৰ মৃতদেহটো প্ৰথমে প্ৰত্যক্ষ কৰে ৷ প্ৰায় ৩/৪ বছৰ বয়সৰ দতাল হাতীটোৰ পেলু হোৱাৰ ফলতেই মৃত্যু হোৱা বুলি  জানিব পৰা গৈছে।

    ভূঞাপাৰা ৰেঞ্জৰ ৰেঞ্জাৰ কামেশ্বৰ বড়োৱে জানিব দিয়া মতে শুকুৰবাৰে আবেলি বনৰীয়া হাতীৰ পোৱালিটো জাকৰ পৰা অকলশৰীয়া হৈ পৰাৰ পাছত কেম্পৰ ফৰেষ্ট গাৰ্ডে অসুস্থ অৱস্থাত নিৰীক্ষণ কৰি ৰেঞ্জ কাৰ্যালয়ৰ লগতে চিকিৎসকক খবৰ দিছিল । কিন্তু আজি পুৱা চিকিৎসক আহি পোৱাৰ আগতেই হাতীৰ পোৱালিটোৰ মৃত্যু হয়।

    মানস ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ কৰ্মৰত বিষয়া ধৰণীধৰ বড়ো জানিব দিয়া মতে চিকিৎসকে মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত পাকস্থলীত অজস্র পেলু পৰিলক্ষিত হয়। বনৰ বিভিন্ন খাদ্য গ্ৰহণ কৰি পেলু হোৱাৰ ফলতেই হাতীৰ পোৱালিটো বেমাৰত ভূগী মৃত্যু বৰণ কৰে।
    Published by:Manjumoni Borah
    First published: