বৃহস্পতিবাৰে পুৱা গুৱাহাটী মহানগৰীৰ পাণ্ডুত ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এজন বয়োজ্যেষ্ঠ পুৰুষৰ মৃতদেহ। অঞ্চলটোৰ একাংশ স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি জালুকবাৰী আৰক্ষীৰ লগতে পাণ্ডু নদী আৰক্ষী চকীত খবৰ দিয়ে। এই খবৰ পোৱাৰ পাছতেই জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক কুমাৰ বৰা আৰু পাণ্ডু নদী আৰক্ষী চকীৰ প্ৰভাৰী বিষয়া কিশোৰ কলিতাৰ নেতৃত্বত এটা দল ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় ( body of an elderly man was found in Brahmaputra)।
আৰক্ষীৰ দলটিয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰে। ইফালে ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ পাছতেই ছাৰ্ভে চন্দন নগৰৰ প্ৰমোদ চন্দ্ৰ দাস নামৰ লোকজনৰ পৰিয়ালৰ লোক পাণ্ডু নদী আৰক্ষী চকীত উপস্থিত হয়। পৰিয়ালৰ লোকে মৃতদেহটো প্ৰমোদ চন্দ্ৰ দাসৰ বুলি চিনাক্ত কৰাৰ কথা নদী আৰক্ষীৰ তৰফৰ পৰা জানিবলৈ দিছে।