নুমলীগড় কাষৰীয়া কৌৱানী উপ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত নামবৰ দৈগ্ৰোঙ সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হয়। বাৰ্ধক্যজনক কাৰণতে বন্যহস্তীটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰে স্থানীয় লোক তথা বন বিভাগে। চাৰি পাঁচ দিনৰ পূৰ্বেই হাতীটো (wild elephant) মৃত্যু হোৱা বুলি ঠাৱৰ কৰিছে বন বিভাগে ৷ পুৱা মৃত হাতীটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগৰ লোকক।
খবৰ পোৱাৰ লগে লগেই ঘটনাস্থলীত ( Nambar Daigrong Reserve Wildlife Sanctuary )গোলাঘাটৰ বন প্ৰাধিকাৰী সুশীল কুমাৰ ঠাকুৰীয়াৰ নেতৃত্বত কাজিৰঙাৰ চিকিৎসকসহ এটা দল উপস্থিত হয়। হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত স্বাভাৱিক কাৰণতে হাতীটোৰ মৃত্যু হোৱা বুলি নিশ্চিত হয়।
দুৰ্ভাগ্যজনক যে মৃত হাতীটোৰ শূঁৰৰ এটা অংশ প্ৰত্যক্ষ কৰা হোৱা নাছিল। কোনো দুষ্কৃতিকাৰীয়ে এয়া কাটি নিয়াৰ সন্দেহ কৰিছে বন বিভাগে। অৱশ্যে হাতীৰ দাঁত সুৰক্ষিত অৱস্থাতে থাকে৷
Published by: Gautam Barman
FIRST PUBLISHED : March 03, 2022, 15:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।