মুখ্যপৃষ্ঠা »খবৰ »অসম »Dead Bodies Found in Pond: ৰহাৰ মধ্য টোপাকুছিত শোকাৱহ ঘটনা, ঘৰৰ পিছফালৰ পুখুৰীত উদ্ধাৰ দুই কণমানি সন্তানসহ মাতৃৰ মৃতদেহ

Dead Bodies Found in Pond: ৰহাৰ মধ্য টোপাকুছিত শোকাৱহ ঘটনা, ঘৰৰ পিছফালৰ পুখুৰীত উদ্ধাৰ দুই কণমানি সন্তানসহ মাতৃৰ মৃতদেহ

একাংশ স্থানীয় ৰাইজৰ আত্মহত্যাৰ সন্দেহ, ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা

একাংশ স্থানীয় ৰাইজৰ আত্মহত্যাৰ সন্দেহ, ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা

একাংশ স্থানীয় ৰাইজৰ আত্মহত্যাৰ সন্দেহ, ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা

  • Share this:
ৰহাত দেওবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ঘৰৰ পিছফালৰ পুখুৰীত উদ্ধাৰ দুই কনমানি সন্তানৰ সৈতে মাতৃৰ মৃতদেহ। ৰহাৰ মধ্য টোপাকুছিত সংঘটিত হৈছে এই কৰুণ ঘটনা। মৃত মহিলাগৰাকী মধ্য টোপাকুছিৰ পণ্ডিত বৰদলৈ নামৰ লোকজনৰ পত্নী নিৰু বৰদলৈ (৩২) আৰু ৮ বছৰীয়া পুত্ৰ সন্তানৰ নাম নীলোৎপল বৰদলৈ আৰু দুবছৰীয়া কন্যা সন্তান ৰিধি বৰদলৈ (Dead Body Found in Pond at Raha)।

দেওবাৰে পুৱাৰ পৰা নিৰুদ্দেশ হৈ আছিল তিনিও। জানিব পৰা মতে, দৈনিক হাজিৰা কৰি ঘৰ চলোৱা পণ্ডিত বৰদলৈয়ে পুৱা শুই উঠি পত্নী আৰু সন্তানক নেদেখি বিচাৰ-খোঁচাৰ কৰে যদিও ক'তো নাপাই হাজিৰা কামলৈ ওলাই যায়।

দুপৰীয়া স্থানীয় এজন যুৱকে খৰি কাটিবলৈ গৈ পিছফালৰ পুখুৰীত মৃতদেহ দেখি স্থানীয় অন্য লোকক খবৰ দিয়ে। পিছত ৰহা আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

এয়া আত্মহত্যা নে দুৰ্ঘটনা সেয়া এতিয়াও পোহৰলৈ অহা নাই যদিও এই ঘটনা স্থানীয় লোকে আত্মহত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে। একাংশ স্থানীয় লোকে জানিবলৈ দিয়া মতে স্বামী পণ্ডিত বৰদলৈ আৰু স্ত্ৰী নিৰু বৰদলৈৰ  মাজত আগদিনা নিশা কোনো বিষয়ত সংঘাত হৈছিল, যাৰ পৰিণিতিত এই দুভাৰ্গ্যজনক ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ।

অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য।  এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে।

শেহতীয়া বাতৰি