• Home
  • »
  • News
  • »
  • assam
  • »
  • Deadbody: হাস্পতাল চৌহদত গাড়ীৰ ভিতৰতে উদ্ধাৰ যুৱকৰ মৃতদেহ! চাঞ্চল্য

Deadbody: হাস্পতাল চৌহদত গাড়ীৰ ভিতৰতে উদ্ধাৰ যুৱকৰ মৃতদেহ! চাঞ্চল্য

হাইলাকান্দিত হাস্পতাল চৌহদত গাড়ীৰ ভিতৰতে উদ্ধাৰ যুবকৰ মৃতদেহ । 

হাইলাকান্দিত হাস্পতাল চৌহদত গাড়ীৰ ভিতৰতে উদ্ধাৰ যুবকৰ মৃতদেহ । 

হাইলাকান্দিত হাস্পতাল চৌহদত গাড়ীৰ ভিতৰতে উদ্ধাৰ যুবকৰ মৃতদেহ । 

  • Share this:
হাইলাকান্দি জিলাৰ আলগাপুৰত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ । শুকুৰবাৰে ৰাতিপুৱা আলগাপুৰ প্ৰাথমিক চিকিৎসালয় চৌহদত এখন অটোৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহটো । মৃতদেহটো স্থানীয় বড়নগদ গাঁৱৰ বাসিন্দা নুৰুল ইছলাম লস্কৰৰ বুলি চিনাক্ত কৰা হৈছে ।

পুৱা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । আৰক্ষী ঘটনাস্থলীত উপস্হিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰে ।

ইপিনে, এই ঘটন‍াক কেন্দ্ৰ কৰি পুৱাৰে পৰাই আলগাপুৰ হাস্পতাল চৌহদত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ । স্থানীয় ৰাইজে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে । মৃহদেহৰ শৰীৰত অঘাতৰ চিন স্পষ্ট আছে বুলিও দাবী কৰিছে স্থানীয় ৰাইজে । লগতে অতি শীঘ্ৰে ঘটনাৰ উচিত তদন্ত কৰি দোষিক কৰায়ত্ত কৰাৰো দাবী উত্থ‍াপন কৰিছে স্থানীয় লোকসকলে ।
Published by:Manjumoni Borah
First published: