
file image
Dead Body Recovered: কেৰালাত গ্ৰেপ্তাৰ হোৱা নালকোৱে আৰক্ষী-বন বিভাগৰ জিম্মাত থকা অৱস্থাত সোমবাৰে নিশা নাৱৰ পৰা জাঁপ দিছিল ব্ৰহ্মপুত্ৰত৷
বিশ্বনাথত ব্ৰহ্মপুত্ৰৰ চাপৰিত উদ্ধাৰ হৈছে এটা মৃতদেহ ৷ মৃতদেহটো পলাতক গড় চিকাৰী আচমত আলি ওৰফে নালকোৰ বুলি সন্দেহ ৷ উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো ৷ কাজিৰঙাৰ ডিফলু বন শিবিৰ আৰু মকবুল বন শিবিৰৰ মাজত উদ্ধাৰ হৈছে মৃতদেহটো ৷
ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু বন বিভাগৰ উচ্ছ পদস্থ বিষয়া ৷ বৰ্তমানলৈকে নিশ্চিত হোৱা নাই মৃতদেহটো কাৰ ৷
কেৰালাত গ্ৰেপ্তাৰ হোৱা নালকোৱে আৰক্ষী-বন বিভাগৰ জিম্মাত থকা অৱস্থাত সোমবাৰে নিশা নাঁৱৰ পৰা জাঁপ দিছিল ব্ৰহ্মপুত্ৰত৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|