আৰক্ষীয়ে এই ঘটনা এক হত্যাকাণ্ড বুলি নিশ্চিত কৰি পংকজ বৰা নামৰ স্থানীয় যুৱকজনক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে এই ঘটনা এক হত্যাকাণ্ড বুলি নিশ্চিত কৰি পংকজ বৰা নামৰ স্থানীয় যুৱকজনক গ্ৰেপ্তাৰ কৰিছে।
যোৰহাটৰ কুটোহাবৰীয়াত মঙলবাৰে ৰহস্যজনকভাৱে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য বৰ্তমানো অব্যাহত আছে । এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো কুটোহাবৰীয়া গাঁৱৰে পৱন বৰাৰ বুলি চিনাক্ত কৰা হৈছে ।
প্ৰায় ৩৪ বছৰ বয়সৰ মৃত যুৱকজনৰ ডিঙিত থকা আঘাতৰ চিনলৈ চাই এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীত ভোগদৈ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পিছত ঘটনাৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে এজন যুৱকক আটক কৰি সোধা-পোছা কৰিছিল।
আৰক্ষীয়ে এই ঘটনা এক হত্যাকাণ্ড বুলি নিশ্চিত কৰি পংকজ বৰা নামৰ স্থানীয় যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। মৃত পৱনক শেষবাৰৰ বাবে ধৃত পংকজৰ সৈতে দেখা গৈছিল । আনহাতে আৰক্ষী সূত্ৰে জানিব পৰা মতে পৱন পুখুৰীত পৰা বুলি ধৃত পংকজে গাঁৱত কৈ ফুৰিছিল। আৰক্ষীয়ে পংকজক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|