মুখ্যপৃষ্ঠা »খবৰ »অসম »কেন্দ্ৰীয় শাসিত পৰিষদলৈ উন্নীত হোৱাৰ দিশে BTC, থাকিব ৰাজনৈতিক, অৰ্থনৈতিক, আইনী ক্ষমতা!

কেন্দ্ৰীয় শাসিত পৰিষদলৈ উন্নীত হোৱাৰ দিশে BTC, থাকিব ৰাজনৈতিক, অৰ্থনৈতিক, আইনী ক্ষমতা!

খবৰ অনুসৰি অহা ২৭ বা ২৮ জানুৱাৰীত সম্পন্ন হ’ব বড়ো শান্তি চুক্তি

খবৰ অনুসৰি অহা ২৭ বা ২৮ জানুৱাৰীত সম্পন্ন হ’ব বড়ো শান্তি চুক্তি

খবৰ অনুসৰি অহা ২৭ বা ২৮ জানুৱাৰীত সম্পন্ন হ’ব বড়ো শান্তি চুক্তি

  • Share this:
সম্পন্ন হোৱাৰ পথত বড়ো শান্তি চুক্তি। কেন্দ্ৰীয় শাসিত পৰিষদলৈ উন্নীত হোৱাৰ দিশে BTC। খবৰ অনুসৰি অহা ২৭ বা ২৮ জানুৱাৰীত চাৰিওটা বড়ো বিদ্ৰোহী গোটৰ সৈতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে চুক্তিত স্বাক্ষৰ কৰিব।

ইতিমধ্যে চুড়ান্ত পৰ্যায়ত উপনীত হৈছে বড়ো শান্তি চুক্তি প্ৰক্ৰিয়া।  BTC অধিক ক্ষমতা প্ৰদান কৰি কেন্দ্ৰীয় শাসিত পৰিষদ গঠন কৰাৰ দিছে কেন্দ্ৰীয় চৰকাৰ। NDFBৰ চাৰিওটা গোট ক্ৰমে- NDFB(P), NDFB(R), NDGB(Dhiren) আৰু NDFB(S)ৰ সকলো শীৰ্ষ নেতৃত্ব এতিয়া নতুন দিল্লীত ৷ মধ্যস্থতাকাৰী এবি মাথুৰৰ সৈতে শেষ লানি বৈঠকত মিলিত হৈছে বড়ো বিদ্ৰোহী গোটকেইটা।

কেন্দ্ৰীয় শাসিত পৰিষদ  গঠন হোৱাৰ পিছতে গঠিত হ’ব কেইবাখনো নতুন জিলা! বিভিন্ন সংবাদ মাধ্যমত খবৰ প্ৰকাশ পোৱা অনুসৰি, দৰং, লখিমপুৰ আৰু শোণিতপুৰ জিলাৰ বহু অংশ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা। বৃদ্ধি হোৱাৰ সম্ভাৱনা লোকসভা আৰু বিধানসভা সমষ্টিৰ সংখ্যা। থাকিব ৰাজনৈতিক, অৰ্থনৈতিক আৰু আইনী ক্ষমতা।

শেহতীয়া বাতৰি