মুখ্যপৃষ্ঠা »খবৰ »অসম »স্বাক্ষৰিত হ’ল তৃতীয় খন বড়ো শান্তি চুক্তি, কি আছে এই চুক্তিত?

স্বাক্ষৰিত হ’ল তৃতীয় খন বড়ো শান্তি চুক্তি, কি আছে এই চুক্তিত?

দিল্লীত সম্পাদন হ’ল বড়োলেণ্ড শান্তি চুক্তি

দিল্লীত সম্পাদন হ’ল বড়োলেণ্ড শান্তি চুক্তি

দিল্লীত সম্পাদন হ’ল বড়োলেণ্ড শান্তি চুক্তি

  • Share this:
কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বড়ো সংগঠনৰ মাজত সম্পাদিত হ’ল ত্ৰিপাক্ষিক চুক্তিখন। চুক্তিত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰিও স্বাক্ষৰ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ লগতে প্ৰমোদ বড়ো, গোবিন্দ বসুমতাৰীয়েও। বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য, এই চুক্তিয়ে সমাধান কৰিব দীৰ্ঘদিনীয়া সমস্যা।

  • ‍এতিয়াৰ পৰা BTADক BTR(বড়োলেণ্ড টেৰিটৰিয়েল ৰি’জন) হিচাপে জনা যাব।

  • তিনি বছৰৰ ভিতৰত বিটিচিলৈ ১৫০০ কোটি টকাৰ বিশেষ পেকেজ।

  • কেন্দ্ৰীয় চৰকাৰৰ অধীনত মনিটৰিং কমিটী গঠন। কমিটীয়ে কৰিব সকলো নীতি নিৰ্ধাৰণ।

  • বড়োসকলৰ সামাজিক, সাংস্কৃতিক আৰু ভাষা সুৰক্ষা কৰা হ’ব।

  • সংবিধান সংশোধন কৰি প্ৰদান কৰা হ’ব অধিক বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতা।

  • NDFB কেডাৰক সংস্থাপনৰ বাবে বিশেষ ব্যৱস্থা।

  • জনজাতিৰ ভুমিৰ অধিকাৰ অক্ষুণ্ণ ৰখাৰ ব্যৱস্থা।

  • BTADৰ বাবে নতুন DIG পদ ঘোষণা অমিত শ্বাহৰ।

  • সংবিধানৰ ১২৫ নং  অনুচ্ছেদৰ সংশোধন কৰি বড়োলেণ্ডলৈ এই সুবিধা প্ৰদান।

  • বড়োভুমিৰ ক্ষেত্ৰ সম্প্ৰসাৰণকলৈও কৰা হ’ব চিন্তা–চৰ্চা।

  • বিটিচিৰ আসন ৬০ খনলৈ বৃদ্ধি।

  • বড়ো সংখ্যাগৰিষ্ঠ নোহোৱা গাওঁ বিটিওএডিৰ পৰা হ’ব কৰ্তন।

  • বড়ো আন্দোলনত নিহত পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য।

  • উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে হ’ব নতুন কেন্দ্ৰীয় বিশ্ববিদ্যালয়।

  • অসমত বড়ো হ’ব সহযোগী চৰকাৰী ভাষা।

  • BTRত হ’ব নতুন ক্ৰীড়া বিশ্ববিদ্যালয়।

  • তামুলপুৰত কেন্সাৰ হস্পাতাল আৰু মেডিকেল কলেজ স্থাপন।

  • BTR ত স্থাপন হ’ব ৰে’ল ডবা নিৰ্মাণ কাৰখানা।

শেহতীয়া বাতৰি