• Home
  • »
  • News
  • »
  • assam
  • »
  • ঐতিহাসিক সিদ্ধান্ত! আজিৰে পৰা অসমৰ সহয়োগী ভাষা হ’ল বড়ো ভাষা, সদনত গৃহীত হ’ল বিধেয়ক

ঐতিহাসিক সিদ্ধান্ত! আজিৰে পৰা অসমৰ সহয়োগী ভাষা হ’ল বড়ো ভাষা, সদনত গৃহীত হ’ল বিধেয়ক

অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিমটো দিনত গৃহীত হ'ল দ্য’  অফিচিয়েল লেংগুৱেজ (এমেণ্ডমেণ্ট) বিল, ২০২০ ৷

অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিমটো দিনত গৃহীত হ'ল দ্য’  অফিচিয়েল লেংগুৱেজ (এমেণ্ডমেণ্ট) বিল, ২০২০ ৷

অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিমটো দিনত গৃহীত হ'ল দ্য’  অফিচিয়েল লেংগুৱেজ (এমেণ্ডমেণ্ট) বিল, ২০২০ ৷

  • Share this:
অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিমটো দিনত গৃহীত হ'ল দ্য’  অফিচিয়েল লেংগুৱেজ (এমেণ্ডমেণ্ট) বিল, ২০২০ ৷ অৰ্থাৎ আজিৰে পৰা অসমত বড়ো ভাষা সহযোগী ভাষা হিচাপে স্বীকৃত হ'ল ৷

সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে সংশোধনী প্ৰস্তাৱ আনিছিল কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰুকায়স্থই ৷ নিজ সংশোধনী প্ৰস্তাৱত পুৰুকায়স্থই কয়- “বড়ো ভাষাক সহযোগী কৰাত আমাৰ আপত্তি নাই ৷ আপোনালোকে পাছ কৰিলে কৰি দিয়ক ৷ কিন্তু বঙালী ভাষীৰ সংখ্যা অসমত বহুত ৷ সেয়ে বাংলা ভাষাকো সহযোগী হিচাপে স্বীকৃতি দিব লাগে ৷”

বৰাকৰ বিধায়ক কমলাক্ষৰ প্ৰস্তাৱৰ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে- “BTR চুক্তি মতেহে বড়ো ভাষাক সহযোগী ভাষা কৰা হৈছে ৷ এই চুক্তিৰ জৰিয়তে অসমত শান্তি আহিছে ৷ অসম বিভাজনৰ বাবে দাবী উঠিছিল ৷ BTR চুক্তিৰ জৰিয়তে অসম একত্ৰিত হৈছে ৷ ইয়াক সন্মান জনাব লাগে ৷ বিৰ্তক কৰিব নালাগে কোনোৱে। বাংলা ভাষা উন্নত ভাষা ৷ এই সন্দৰ্ভত পৰৱৰ্তীকালত আমি আলোচনা কৰিব পাৰিম ৷”

কিন্তু নিজৰ দাবীত অটল থাকে সদনৰ মজিয়াত বিধায়ক কমলাক্ষ ৷ সেয়ে বিত্ত তথা শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঠিয় হৈ ক'বলগীয়া হ'ল- “বড়ো ভাষা অসমৰ সংৰক্ষিত অঞ্চলত কংগ্ৰেছৰ দিনতে ১৯৮৫তে অফিচিয়েল লেংগুৱেজ আছিল ৷ এতিয়া সেই ৰেষ্টিকচন উঠাই দি সমগ্ৰ অসমতে সহযোগী ভাষা কৰা হৈছে ৷ ভূমিপুত্ৰক কিবা এটা দিলে বাকীসকলে জেদ কৰিব নালাগে ৷ বিশ্ববৰণ্য বাংলা ভাষাক সহযোগী ভাষা কৰিলে কেনে হ'ব? মই কেতিয়াও নাভাৱো যে বাঙালী সকলে ইয়াক সহজে নল'ব ৷”

লগতে শিক্ষা মন্ত্ৰী ডঃ শৰ্মাই পুনৰ ক'লে- “সংখ্যাৰ কথা ক'লে ক'ত ট্ৰাইবেল চলিব ৷ বঙালী সমাজে কেতিয়াও বড়ো ভাষাক সহযোগী কৰাত জেদ ধৰিব নালাগে ৷ অখণ্ড অসমৰ প্ৰতি বড়ো সমাজে সমৰ্থন কৰিছে ৷ সেয়ে আমি সকলোয়ে ঠিয় হৈ তেওঁলোকক সন্মান জনাব লাগে ৷ আজিৰ দিনত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক স্মৰণ কৰো ৷ তেওঁক স্মৰণ কৰি আজি সদনত  বিতৰ্ক কৰিব নালাগে ৷ বিৰোধী দলপতিকো মই সমৰ্থন কৰিবলৈ আহ্বান জনাইছো ৷’

এই বিষয়ত আলোচনা হৈ থাকোতে অসম গণ পৰিষদৰ জেষ্ঠ বিধায়ক বৃন্দাবন গোস্বামীয়ে কয়- “বড়ো ভাষাক সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়াৰ সময়ত কোনেও বিতৰ্ক কৰিব নালাগে  ৷”

বিধায়ক কমলাক্ষ দে পুৰুকায়স্থই পুনৰ বাংলা ভাষাৰ সম্পৰ্কে সদনত উল্লেখ কৰে আৰু বাংলা ভাষাক সহযোগী ভাষা হিচাপে ঘোষণা কৰাৰ পোষকতা কৰে ৷ এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- “পাঁচবছৰে বহু সময় পাইছিল বঙালী ভাষাৰ প্ৰতি যদি সঁচাকৈয়ে ভালপোৱা আছিল ৷ আজি কিয় মনত পৰিছে? এয়া ৰাজনীতিৰ বাহিৰে একো নহয় ৷ মই বিৰোধী দলপতিক অনুৰোধ কৰিম, বড়ো জাতিৰ প্ৰতি সন্মান জনাই প্ৰত্যাহাৰ কৰক সংশোধনী প্ৰস্তাৱ ৷”

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক্ৰমে কমলাক্ষৰ সংশোধনী প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ ইয়াৰ লগে লগে শাসক-বিৰোধীৰ প্ৰস্তাৱ ক্ৰমে সদনত গৃহীত হয় বড়ো ভাষা অসমৰ সহযোগী ভাষা হিচাপে ৷

উল্লেখযোগ্য যে BTR চুক্তিক মৰ্যাদা দি বড়ো ভাষাক সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়ে অসম বিধানসভাই ৷ গৃহীত হয় দ্য আসাম অফিচিয়েল লেংগুৱেজে (এমেণ্ডমেণ্ট) বিল, ২০২০ ৷
Published by:Himangshu Bhuyan
First published: