দিল্লীত তৃতীয়খন চুক্তি কৰি অসমত উপস্থিত বড়ো নেতৃত্ব, বড়ো সমাজত আনন্দৰ বন্যা

News18 Assam | News18-Assam
Updated:January 28, 2020, 11:44 AM IST
দিল্লীত তৃতীয়খন চুক্তি কৰি অসমত উপস্থিত বড়ো নেতৃত্ব, বড়ো সমাজত আনন্দৰ বন্যা
চিৰাঙত জনসাধাৰণে বেণ্ড পাৰ্টী বজাই, বাগৰুম্বা নাচি প্ৰকাশ কৰে আনন্দ।

চিৰাঙত জনসাধাৰণে বেণ্ড পাৰ্টী বজাই, বাগৰুম্বা নাচি প্ৰকাশ কৰে আনন্দ।

  • Share this:
নতুন দিল্লীত তৃতীয়খন বড়ো শান্তি চুক্তিত স্বাক্ষৰ কৰি আজি অসমত উপস্থিত হয় NDFBৰ চাৰিওটা গোটৰ লগতে এবছুৰ নেতৃত্ব। বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি বড়ো নেতৃত্বক। আৰনাই, ফুলৰ থোপাৰে বড়ো নেতৃত্বক আদৰণি জনালে জনতাই। বৰঝাৰৰ পৰা পোনে পোনে চিৰাঙলৈ ৰাওনা বড়ো নেতৃত্ব। চিৰাঙত অনুষ্ঠিত বিশাল জনসভাত অংশ ল’ব বড়ো নেতৃত্বই। চিৰাঙতো NDFB নেতৃত্বক আদৰিবলৈ সাজু হৈছে বড়ো সমাজ।

বড়ো চুক্তিক লৈ এতিয়া বড়োভূমিত আনন্দৰ বন্যা। চিৰাঙত জনসাধাৰণে বেণ্ড পাৰ্টী বজাই, বাগৰুম্বা নাচি প্ৰকাশ কৰে আনন্দ। চিৰাঙত বিশাল জনসভাত অংশগ্ৰহণ হাজাৰ হাজাৰ জনতাৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি