বিধানসভাৰ অধ্যক্ষৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ঐতিহাসিক সিদ্ধান্ত
বিধানসভাৰ অধ্যক্ষৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ঐতিহাসিক সিদ্ধান্ত
বড়ো সমাজৰ দীৰ্ঘদিনীয়া সপোন পূৰণ হোৱাৰ দিশত আগবাঢ়িছে ৷ অসম বিধানসভাৰ ডিচেম্বৰ অধিৱেশনৰ পৰা বড়ো ভাষা অসম বিধানসভাৰ মজিয়াত ব্যৱহাৰ কৰাৰ বাবে সোমবাৰে নতুন বিধায়ক আৱাসত আয়োজিত এক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
BTR চুক্তি মৰ্মে ইতিমধ্যে ৰাজ্য চৰকাৰে বড়ো ভাষাক ৰাজ্যৰ সহযোগী ভাষা হিচাপে স্বীকৃতি দিছে আৰু জাৰি কৰিছে এই সন্দৰ্ভত অধিসূচনা ৷ ইয়াৰ পিছত অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা, প্ৰশ্ন-উত্তৰ আৰু ভাষণ ৰখাৰ ক্ষেত্ৰত বড়ো ভাষা ব্যৱহাৰ কৰাৰ বাবে সোমবাৰে নতুন বিধায়ক আৱাসৰ সভাকক্ষত এক বৈঠক অনুষ্ঠিত হয় ৷
বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত অহা ডিচেম্বৰৰ অসম বিধানসভাৰ অধিৱেশনৰ পৰা বড়ো ভাষা প্ৰয়োগ কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ বড়ো জনগোষ্ঠীৰ মন্ত্ৰী-বিধায়ক, নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, বড়ো লিখক সমাজ, বড়ো ভাষাবিদসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনৰ পিছত বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে আজিৰ দিনটোক বড়ো সমাজৰ বাবে ঐতিহাসিক দিন বুলি মন্তব্য কৰে ৷
BTR চুক্তি মৰ্মে বড়ো ভাষা ৰাজ্যৰ সহযোগী ভাষা স্বীকৃতি পোৱাৰ পিছত এতিয়া বিধানসভাৰ মজিয়াতো ভাষাটোক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে উদ্যোগ লোৱাত ধন্যবাদ জনাই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে ৷
BTR চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী পূৰ্বৰ NDFB(P)ৰ অধ্যক্ষ তথা বৰ্তমানৰ UPPLৰ বিধায়ক আৰু BTRৰ উপ মূৰব্বী গোবিন্দ বসুমতাৰীয়েও বড়ো ভাষাক বিধানসভাৰ মজিয়াত ব্যৱহাৰৰ বাবে সিদ্ধান্ত লোৱাক আদৰণি জনায় ৷
ইপিনে ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ইউ জি ব্ৰক্ষ্মই বিধানসভাৰ মজিয়াত বড়ো ভাষাৰ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱাত আনন্দ প্ৰকাশ কৰে আৰু চৰকাৰী আন আন বিষয়টো বড়ো ভাষা ব্যৱহাৰ কৰাৰ বাবে চৰকাৰে উদ্যোগ ল'ব বুলি সদৰি কৰে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|