• Home
  • »
  • News
  • »
  • assam
  • »
  • বড়ো বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী হেলিনা দৈমাৰীক বাক্সা জিলাৰ নিৰ্বাচনী ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি

বড়ো বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী হেলিনা দৈমাৰীক বাক্সা জিলাৰ নিৰ্বাচনী ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে বাক্সা জিলা প্ৰশাসন।

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে বাক্সা জিলা প্ৰশাসন।

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে বাক্সা জিলা প্ৰশাসন।

  • Share this:
সমাগত বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে বাক্সা জিলা প্ৰশাসন। ভোটদানৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে বড়ো বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী হেলিনা দৈমাৰীক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্ত কৰে বাক্সা জিলা প্ৰশাসনে। সজাগতা সৃষ্টি কৰাৰ বাবে এটা মিউজিক ভিডিও প্ৰস্তুত কৰি থকা বুলি জানিবলৈ দিয়ে ব্ৰেণ্ড এম্বেছাদৰ গৰাকীয়ে।



অসমীয়া আৰু বড়ো ভাষাত নিৰ্মাণ হ'বলগীয়া এই সজাগতামূলক ভিডিও সংবাদ মাধ্যমযোগে প্ৰচাৰ কৰিবলৈ আহ্বান জনায়। ভোটাৰ ৰাইজক ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীৰ লগতে বাক্সা জিলা অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ শৰ্মা আৰু বাক্সা ৰাজহ চক্ৰৰ সংলগ্ন বিষয়া মনোজ দলেও জনতাক ভোটদানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।



দুয়োগৰাকী বিষয়াই কেনেকৈ সাধাৰণ জনতাক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি তাৰ বাবে সাংবাদিকসকলৰ পৰা পৰামৰ্শ বিচাৰে। ইতিমধ্যে বিভিন্ন বেচৰকাৰী সংস্থাৰ লগতে বিএলঅ', অংগনবাড়ী কৰ্মীৰ লগতো আলোচনা সম্পন্ন কৰিছে। এই সভাৰ জৰিয়তে আগন্তুক নিৰ্বাচনত জিলাখনত ভোটদানৰ হাৰ বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰে দুয়োগৰাকী বিষয়াই।
Published by:Himangshu Bhuyan
First published: