চলিত বৰ্ষৰ ২৭ জানুৱাৰীত নতুন দিল্লীত স্বাক্ষৰিত হৈছিল NDFBৰ চাৰিটা গোট, ABSU আৰু ভাৰত চৰকাৰৰ মাজত চুক্তি ৷ সেয়াই আছিল ‘Bodoland Territorial Region’ চমুকৈ BTR চুক্তি ৷ সেই BTR চুক্তি স্বাক্ষৰিত হোৱাৰ আঠ মাহ পিছত সোমবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিলে অধিসূচনা ৷
ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা জনজাতি বিভাগৰ আয়ুক্ত সচিবৰহৈ যুটিয়া সচিবে স্বাক্ষৰ কৰা এই অধিসূচনা মৰ্মে আজিৰে পৰা ‘Bodoland Territorial Districts Areas’ অৰ্থাৎ BTADৰ নাম সলনি হয় ৷ BTADৰ সলনি আজিৰে পৰা নাম হ'ল ‘Bodoland Territorial Region’, চমুকৈ BTR ৷
BTADৰ পৰিষদীয় নিৰ্বাচনৰ আচৰণ বিধি চলি থকাৰ মাজতে ৰাজ্য চৰকাৰে ‘BTAD’ৰ নাম সলনি কৰি BTR কৰাত এতিয়া ক্ষুব্ধ বড়োভূমিত ১৭ বছৰে শাসন চলোৱা BPFৰ মূৰব্বী হাগ্ৰামা মহিলাৰী ৷ মহিলাৰীয়ে এই বিষয়ক লৈ আদালতৰ কাষ চপাৰ হুংকাৰ দিছে ৷
ইপিনে ৰাজ্য চৰকাৰে BTR চুক্তি মৰ্মে সোমবাৰে BTADৰ নাম সলনি কৰাৰ বাবে আন এক অধিসূচনাও জাৰি কৰে ৷ ৰাজ্যৰ গৃহ আৰু ৰাজনীতি বিভাগৰ আয়ুক্ত সচিবে স্বাক্ষৰ কৰা অধিসূচনা মৰ্মে গঠন কৰা হ'ল এক আয়োগ ৷
BTRৰ পৰা গাঁও সংযোজন আৰু বিয়োজনৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবলৈ গঠন কৰা এই আয়োগৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হয় অৱসৰপ্ৰাপ্ত IAS পিপি বাৰ্মাক ৷ সদস্য হিচাপে আয়োগত নিযুক্তি দিয়া হৈছে BTCৰ প্ৰশাসক, ABSUৰ উপ সভাপতি জয়ন্ত বসুমতাৰী আৰু ৰেডকৰ্ছৰ আহ্বায়ক ডালিম বায়নক ৷ লগতে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনীতি বিভাগৰ যুটীয়া সচিবক আয়োগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে ৷ আয়োগে ৰাজ্য চৰকাৰৰ ওচৰত ছমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলিও এই অধিসূচনাত উল্লেখ কৰা হৈছে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|