অসম-বংগ সীমান্তৰ গোসাঁইগাঁওৰ সোণকোষ নদীত নাও দুৰ্ঘটনাত নিখোজ হোৱা দুগৰাকী মহিলাক উদ্ধাৰ ।
যোৱা ২ তাৰিখত গোসাঁইগাঁৱৰ গৰুমাৰাৰচৰত ৰমিছা খাতুন আৰু ছাফিয়া বিবি নাও দুৰ্ঘটনাত সন্ধানহীন হৈছিল।
ছয় দিনৰ মূৰত নদীৰ বুকত ওপঙি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহ দুটা। অসম-বংগ সীমান্তৰ ফালিমাৰিত নদীৰ বুকুত ওপঙি থকা অৱস্থাত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে।
ঘটনাস্থলীত গোসাঁইগাঁৱৰ গ্ৰাহামপুৰ আৰক্ষী আৰু পশ্চিম-বংগ আৰক্ষী উপস্থিত হয়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|