• Home
  • »
  • News
  • »
  • assam
  • »
  • Numaligarh: নুমলীগড়ত পানীত ওপঙি থকা অৱস্থাত পুৰুষ আৰু মহিলাৰ মৃতদেহ উদ্ধাৰ, চাঞ্চল্য

Numaligarh: নুমলীগড়ত পানীত ওপঙি থকা অৱস্থাত পুৰুষ আৰু মহিলাৰ মৃতদেহ উদ্ধাৰ, চাঞ্চল্য

তিনি দিন ধৰি SDRF আৰু NDRFয়ে নৈত সন্ধান কৰি আছিল যদিও মহিলাগৰাকীৰ মৃতদেহটো আজি এনেদৰে উদ্ধাৰ হয়।

তিনি দিন ধৰি SDRF আৰু NDRFয়ে নৈত সন্ধান কৰি আছিল যদিও মহিলাগৰাকীৰ মৃতদেহটো আজি এনেদৰে উদ্ধাৰ হয়।

তিনি দিন ধৰি SDRF আৰু NDRFয়ে নৈত সন্ধান কৰি আছিল যদিও মহিলাগৰাকীৰ মৃতদেহটো আজি এনেদৰে উদ্ধাৰ হয়।

  • Share this:
নুমলীগড়ত একেদিনাই পানীত ওপঙি থকা অৱস্থাত দুটাকৈ মৃতদেহ উদ্ধাৰ । পৃথক  পৃথক স্থানত উদ্ধাৰ এজন পুৰুষ আৰু এগৰাকী মহিলাৰ  মৃতদেহ। নুমলীগড়ৰ ধনশিৰী নদী  আৰু বংকুৱালৰ এটা দ জানত ওপঙি থকা অৱস্থাত মৃতদেহ দুটা উদ্ধাৰ হয়।

পুৱাই বংকুৱালত এটা জানত ওপঙি থকা অৱস্থাত ৩৮ বছৰীয়া প্রেমজিত মৰাং নামৰ মাজ বংকুৱালৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হয়। যোৱা নিশাৰ পৰাই সন্ধানহীন হৈ আছিল লোকজন । ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট শ্বহীদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে (Bodies of a man and woman found floating in water)।

ইফালে নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁৱৰ পাৰঘাটৰ ধনশিৰি নদীত এগৰাকী মহিলাৰ মৃতদেহ প্রত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী, SDRFৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।

মৃতদেহটো তিনি দিন পূৰ্বে ফেচবুক পোষ্ট দি গোলাঘাটৰ ধনশিৰি দলঙৰ ওপৰৰ পৰা ধনশিৰি নৈত জাঁপ দিয়া গোলাঘাটৰ বেংগলী হাইস্কুলৰ সমীপৰ টুটুমণি আচাৰ্য  নামৰ মহিলাগৰাকীৰ।

তিনি দিন ধৰি SDRF আৰু NDRFয়ে নৈত সন্ধান কৰি আছিল যদিও মহিলাগৰাকীৰ মৃতদেহটো আজি এনেদৰে উদ্ধাৰ হয়। ঘটনাস্থলীত মহিলাগৰাকীৰ পৰিয়ালৰ লোক উপস্থিত হৈ চিনাক্ত কৰে  মৃতদেহটো।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি