உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নিমাতীঘাটৰ ঘটনাৰ পিছতে বন্ধ কৰি দিয়া হ’ল কপিলীৰ পাৰঘাট, যমৰ যাতনা ভুগিছে ৰাইজৰ লগতে ছাত্ৰ–ছাত্ৰীয়ে

    নিমাতীঘাটৰ ঘটনাৰ পিছতে বন্ধ কৰি দিয়া হ’ল কপিলীৰ পাৰঘাট, যমৰ যাতনা ভুগিছে ৰাইজৰ লগতে ছাত্ৰ–ছাত্ৰীয়ে

    ১০ তাৰিখৰ পৰা এই ঘাটটো বন্ধ কৰি দিয়ে যদিও কোনো বিকল্প ব্যৱস্থা নোলোৱাত অঞ্চলটোৰ ৰাইজৰ বিলাই–বিপত্তি নোহোৱা হৈছে।

    ১০ তাৰিখৰ পৰা এই ঘাটটো বন্ধ কৰি দিয়ে যদিও কোনো বিকল্প ব্যৱস্থা নোলোৱাত অঞ্চলটোৰ ৰাইজৰ বিলাই–বিপত্তি নোহোৱা হৈছে।

    ১০ তাৰিখৰ পৰা এই ঘাটটো বন্ধ কৰি দিয়ে যদিও কোনো বিকল্প ব্যৱস্থা নোলোৱাত অঞ্চলটোৰ ৰাইজৰ বিলাই–বিপত্তি নোহোৱা হৈছে।

    • Share this:
    মাজুলীৰ ঘটনাৰ পিছত হঠাতে সাৰ পোৱা প্ৰশাসনে ৰাইজক পণবন্দী কৰি বন্ধ কৰিলে কপিলীৰ পাৰঘাট। নগাঁও-পশ্চিম কাৰ্বি আংলং জিলাৰ হাজাৰ হাজাৰ ৰাইজে যোৱা প্ৰায় চাৰিদিন বহিঃজগতৰ পৰা এক প্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে। জিলা প্ৰশাসনে মাজুলীৰ নিমাতীঘাটৰ কৰুণ কাণ্ডৰ পিছত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ চাপৰমুখ-কচুৱা পাৰঘাটটো বন্ধ কৰি দিয়ে। কাৰণ উক্ত পাৰঘাটটো লেচীয়ে ২০১৮ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা বিভাগটোৰ এচাম বিষয়াক হাত কৰি লৈ অবৈধভাৱে চলাই অহাৰ অভিযোগ উঠিছে।

    যোৱা ১০ তাৰিখৰ পৰা এই ঘাটটো বন্ধ কৰি দিয়ে যদিও কোনো বিকল্প ব্যৱস্থা নোলোৱাত অঞ্চলটোৰ ৰাইজৰ বিলাই–বিপত্তি নোহোৱা হৈছে। এই ঘাটটোৰে নিতৌ হাজাৰ হাজাৰ মানুহ ইপাৰ–সিপাৰ হয়। শেহতীয়াকৈ ছাত্ৰ–ছাত্ৰীৰ নামভৰ্তিৰ বাবে ৰহা মহাবিদ্যালয়, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় , চাপৰমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহিবলৈ ভীষণ অসুবিধাৰ সন্মুখীন হৈছে।

    অঞ্চলটোৰ গছপৰা, শ্ৰীমলা, ভকতপাৰ, গাৰোগাঁও, ডালিমবাৰী, ভকচং, লাওপানী,  হাতীগড়, বালিকুছি, নকুচি, কাকতিগাঁও আদি অঞ্চলৰ ৰাইজে এই ঘাটটোৰে পাৰ হৈ ৰহা চহৰ, চাপৰমুখ ৰে’ল ষ্টেচন, নগাঁও চহৰৰ লগতে অসমৰ বিভিন্ন স্থানলৈ সহজতে যাব পাৰিছিল যদিও বৰ্তমান এই ঘাটটো বন্ধ কৰি দিয়াত গভীৰ সমস্যাত পৰিছে অঞ্চলটোৰ ৰাইজ।

    আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অন্তৰ্গত এই ঘাটত অবৈধভাৱে চলাই থকা টুলুঙা নাও বন্ধ কৰিলে যদিও কোনো বিকল্প ব্যৱস্থা চৰকাৰে কিয় গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে। নিমাতীঘাটত যদি ফেৰীৰ ঠাইত যদি জাহাজ চলাব পাৰে তেন্তে কচুৱা পাৰঘাটত নাৱৰ পৰিৱৰ্তে ফেৰী কিয় চলাব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে যোৱা ২০১৮ চনতে ঘাট বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত যোৱা তিনি বছৰে কি ব্যৱস্থা হাতত লোৱা হ’ল বুলি জানিব বিচাৰে স্থানীয় ৰাইজে।

    কপিলীত যাত্ৰী পাৰ কৰি থকা লেচীয়ে তিনিবছৰে অনুমতি নথকা পাৰঘাটটোৰ টকা কাক দিলে সেয়াও এক ৰহস্যৰ বিষয় হৈ পৰিছে। প্ৰশাসনক এই বিষয়ে তদন্ত কৰিবলৈ দাবী জনাইছে ৰাইজে। ইপিনে চাপৰমুখ–কচুৱা পাৰঘাটত নিৰ্মাণ কৰি থকা দলঙখন আজিও সম্পূৰ্ণ হৈ নুঠিল, যাৰ ফলত সমস্যাত পৰিছে ৰাইজ তথা ছাত্ৰ–ছাত্ৰী। তিনিবাৰকৈ আধাৰশিলা স্থাপন কৰা চাপৰমুখ–কচুৱা পাৰঘাটৰ কপিলী নদীৰ ওপৰত নিৰ্মাণ কৰি থকা এই দলঙৰ লেহেমীয়া গতিত ঠিকাদাৰে কাম কৰাৰ বাবে আজিও মুকলি নহ’লগৈ। কচুৱা পাৰঘাট বন্ধ কৰি দিয়াত অৰ্ধনিৰ্মিত এই দলঙেৰে দুই এজনক বগুৱা বাই পাৰ হোৱা দেখা গৈছে।  ৰাইজৰ দাবী কি ব্যৱস্থা কৰে চৰকাৰ–প্ৰশাসনে কৰক।
    Published by:Sanjay Kumar Das
    First published: